জুন মাহত পৃথিৱীৰ উষ্ণতা কেতিয়াও ইমান বৃদ্ধি পোৱা নাছিল ৷ জুন মাহৰ প্ৰথম দুসপ্তাহতে গড় উষ্ণতা যথেষ্ট বৃদ্ধ পাইছে ৷ ইউৰোপীয় সংঘৰ জলবায়ু নিৰীক্ষণ সংস্থাই এই কথা ঘোষণা কৰিছে ৷
ইউৰোপীয় সংঘৰ জলবায়ু নিৰীক্ষণ সংস্থা ‘কপাৰনিকাছ জলবায়ু পৰিৱৰ্তন সেৱা’ই বৃহস্পতিবাৰে প্ৰকাশিত এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। সংস্থাটোৰ উপ-সঞ্চালিকা সামান্থা বাৰ্জেছে শেহতীয়াকৈ এক বিবৃতিত কয় যে, ‘এই বছৰৰ জুন মাহত ‘আটাইতকৈ উষ্ণ’ মাহ হিচাপে নতুন নজিৰ গঢ়ি তুলিছে।’১৯৫০ চনৰ পৰা তথ্য বিশ্লেষণ কৰি লাভ কৰা তথ্য অনুসৰি বিশ্বৰ গঢ় তাপমাত্ৰা ০.৪ ডিগ্ৰী চেলছিয়াছ অধিক।
কপাৰনিকাছৰ মতে ইউৰোপ আৰু এছিয়াৰ বিভিন্ন ঠাইত এল নিনোৰ উষ্ণ সোঁত, অতি উত্তাপৰ ঢৌ আৰু মেৰু অঞ্চলৰ উষ্ণতা বৃদ্ধি, সেউজ গৃহ গেছৰ নিৰ্গমনৰ পৰিমাণ হ্ৰাস কৰিব নোৱাৰাৰ বাবেই তাপমাত্ৰা বৃদ্ধি পাইছে ৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূৰ্বে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছাই’ ২০১৯ চনৰ জুন মাহটোক ‘আটাইতকৈ উষ্ণ’ বুলি চিনাক্ত কৰিছিল।