নগাঁৱৰ এছআই ‘লেডী দাবাং’ জোনমণি ৰাভা যিয়ে কিছুদিন আগতে প্ৰৱঞ্চনাৰ অভিযোগত তেওঁৰ ভাবী স্বামীক গ্ৰেপ্তাৰ কৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ এইবাৰ কেলেংকাৰীৰ অভিযোগত নগাঁৱৰ পৰা কলিয়াবৰলৈ স্থানান্তৰ কৰা হৈছে তেওঁক ৷
লক্ষণীয়ভাৱে জোনমণি ৰাভাই ৪ মে’ত প্ৰৱঞ্চনাৰ অভিযোগত তেওঁৰ হ’বলগীয়া স্বামী ৰাণা পোগাগক গ্ৰেপ্তাৰ কৰিছিল। দুয়ো বিবাহপাশত আৱদ্ধ হ’বলৈ ওলোৱা আৰক্ষী বিষয়া ৰাভাই পিছত গম পাইছিল যে ৰাণা পোগাগে নিজকে এজন অইএল বিষয়া বুলি কৈ ভুৱা পৰিচয় দিছিল। যেতিয়া তেওঁ গম পালে যে ৰাণা এজন প্ৰৱঞ্চক, তেওঁ ৰাণাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।
ইফালে, ৰাভাই নিজৰ ভাবী স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছত এটা নতুন কাহিনী পোহৰলৈ আহিছে ৷ অভিযোগ উত্থাপিত হৈছে যে জোনমণি ৰাভা এই কেলেংকাৰীত জড়িত । মাজুলীৰ দুজন ঠিকাদাৰ, অৱতাৰ শৰ্মা আৰু অজিত বৰাই প্ৰৱঞ্চনাৰ অভিযোগত ৰাভাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ৰাভা আৰু ঠিকাদাৰসকলৰ মাজত এটা মানি লণ্ডাৰিং গোচৰসন্দৰ্ভত এটা মোবাইল ভইচ ৰেকৰ্ডিংও সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।
সমগ্ৰ কেলেংকাৰীটো পোহৰলৈ অহাৰ পিছত, নগাঁও আৰক্ষী অধীক্ষক (এছপি) লীনা দলেয়ে কৈছিল যে জোনমণি ৰাভাৰ বিৰুদ্ধে যদি তেওঁলোকে কোনো প্ৰমাণ পায়, তেন্তে নিশ্চয় ৰাভাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইফালে, জোনমণি ৰাভাৰ একাউণ্টৰ পৰা ধন লেনদেনৰ ৰেকৰ্ডো পোহৰলৈ আহিছে। তথ্য অনুসৰি বৃহৎ পৰিমাণৰ ধন ৰাভাৰ একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে । এই অভিযোগো কৰা হৈছে যে ৰাভাৰ লগতে তেওঁৰ ভাবী স্বামী ৰাণা পোগাগেও কোটি কোটি টকা লাভ কৰিছে।
এই তথ্য পোহৰলৈ অহাৰ পিছতেই ৰাভাক কালিয়াবৰলৈ স্থানান্তৰ কৰা হৈছে।