হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে শপত গ্ৰহণৰ ১০০ দিনৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত বহুবোৰ অভিলাষী আঁচনি হাতত লৈছে।
ইয়াৰ অংশ হিচাপে ২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ৪ লক্ষাধিক একচনীয়া মাটি ম্যাদি পট্টালৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।
অতি সহজতে মাটি বাৰীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰখনে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মিছন বাসুন্ধৰাৰ জৰিয়তে গ্ৰামাঞ্চলৰ মানুহে মাত্ৰ এটকাতে নিজৰ একচনীয়া মাটি ম্যাদী পট্টালৈ উন্নীতকৰণ কৰিব পাৰিব।
গুৱাহাটী মহানগৰীতো মূল্যৰ পৰিমাণ হ্ৰাস কৰাৰ চিন্তা চৰ্চা কৰিছে চৰকাৰখনে। সাধাৰণ জনতাই যাতে সহজতে মাটি বাৰী সম্পৰ্কীয় খামখেয়ালি দূৰ কৰিব পাৰে তাৰ বাবে চৰকাৰ খনে বিশেষ ব্যৱস্থা লৈছে।
এতিয়াৰে পৰা মাটিৰ নামজাৰি তথা নাম সম্পৰ্কত কিবা ভুল ভ্ৰান্তি হলে সেয়া অনলাইন যোগে সমাধান কৰিব পাৰিব সাধাৰণ ৰাইজে। ২ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ জনসাধাৰণে ওজৰ আপত্তি দৰ্শোৱাৰ বুলি দিন ধার্য্য কৰা হৈছে।
পৰৱৰ্তী ১০ মেৰ ভিতৰত সকলোবোৰ সমস্যা সমাধান কৰিব চৰকাৰখনে। বিগত সময়ত মাটি বাৰী সম্পৰ্কত সাধাৰণ ৰাইজে যি হাৰাশাস্তিৰ সন্মুখীন হব লগা হৈছিল সেয়া পৰৱৰ্তী সময়ত চৰকাৰখনে সহজতে সমাধান কৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।