বিশ্বৰ শীর্ষ পপ তাৰকাসকলৰ অন্যতম জাষ্টিন বাইবাৰৰ ভাৰতীয় অনুৰাগীসকলৰ বাবে সুখবৰ ৷ অক্টোবৰত জাষ্টিন বাইবাৰৰ সংগীতানুষ্ঠান উপভোগ কৰাৰ সুযোগ লাভ কৰিব ভাৰতৰ পপ সংগীত প্ৰেমীসকলে ৷ অহা ১৮ অক্টোবৰত দিল্লীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব জাষ্টিনে ৷ পপ তাৰকা গৰাকীয়ে আৰম্ভ কৰা ‘জাষ্টিচ’ শীর্ষক ৱর্ল্ড ট্যুৰৰ অধীনত তেওঁ দিল্লীত সংগীতানুষ্ঠান প্ৰদর্শন কৰিব বুলি আজি ঘোষণা কৰা হৈছে ৷ বুক মাই শ্ব’ৰ জৰিয়তে দর্শকে বুক কৰিব পাৰিব টিকট ৷ নতুন দিল্লীৰ জৱহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান ৷
ইয়াৰ পূর্বে ২০১৭ চনৰ মে’ মাহত মুম্বাইত তেওঁৰ ৱর্ল্ড ট্যুৰৰ অংশ হিচাপে সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল ৷ ৪০ হাজাৰতকৈ অধিক অনুৰাগীয়ে উপভোগ কৰিছিল এই অনুষ্ঠান ৷
মহামাৰীৰ পিছত কোনো বিদেশী তাৰকাৰ এয়া হ’ব প্ৰথমটো ষ্টেডিয়াম শ্ব’ ৷ বাইবাৰৰ ভাৰত ভ্ৰমণৰ বাবে বুকমাইশ্ব’ৱে প্ৰায় ৪৩ হাজাৰ টিকট প্ৰদান কৰিব। ভাৰতত আন্তঃৰাষ্ট্ৰীয় সংগীতৰ ব্যৱহাৰ অধিক হোৱাৰ পাছতো দেশত বৃহৎ আকাৰৰ স্থানৰ অভাৱত বিশ্বৰ বহু ডাঙৰ তাৰকাক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুমতি দিয়া নহয় । সংগীতানুষ্ঠানৰ টিকটৰ মূল্য ৪০০০ টকাৰ পৰা ৩৭,৫০০ টকা পর্যন্ত হ’ব ৷