জাতিৰ পিতা মহাত্মা গান্ধীক লৈ বিতর্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল হিন্দু ধৰ্মীয় নেতা কালিচৰণ মহাৰাজ ৷ ছত্তীশগড় আৰক্ষীয়ে বৃহস্পতিবাৰে মধ্য প্ৰদেশৰ পৰা হিন্দু ধৰ্মীয় নেতা মহাৰাজক গ্ৰেপ্তাৰ কৰে ৷ যোৱা ২৫-২৬ ডিচেম্বৰত ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত অনুষ্ঠিত ধৰম সংসদত ভাষণ প্ৰদান কৰি জাতিৰ পিতাৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ লগতে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডচেক তেওঁ প্ৰশংসা কৰিছিল ৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ কংগ্ৰেছ নেতা প্ৰমোদ ডুবেৰ এজাহাৰৰ ভিত্তিত দেওবাৰে নিশা তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৫(২) আৰু ২৯৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷
ৰায়পুৰৰ আৰক্ষী অধীক্ষক প্ৰশান্ত আগৰৱালে প্ৰকাশ কৰা অনুসৰি ধর্মীয় নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰলৈ তিনিটা পৃথক আৰক্ষী দল প্ৰেৰণ কৰা হৈছিল। তেওঁ কয় -“আমি তেওঁক মধ্য প্ৰদেশৰ খাজুৰাহোৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ এক স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছো ৷ তেওঁ বাগেশ্বৰ ধামৰ ওচৰত এটা ভাড়াঘৰত বাস কৰি আছিল । তেওঁক পুৱা ৪ বজাত গ্ৰেপ্তাৰ কৰা হয় আৰু আজি সন্ধিয়াৰ ভাগলৈ ৰায়পুৰলৈ অনাৰ সম্ভাৱনা আছে ৷
ৰায়পুৰত প্ৰদান কৰা ভাষণক লৈ মহাৰাষ্ট্ৰৰ আকোলা জিলাতো কালিচৰণৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। ইয়াৰ পূৰ্বে, পুনে মহানগৰ আৰক্ষীয়েও যোৱা ১৯ ডিচেম্বৰত পুনেত অনুষ্ঠিত ‘শিৱপ্ৰতাপ দিন’ কাৰ্যসূচীৰ সময়ত ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত কালিচৰণ মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
ইফালে, মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কালিচৰণক গ্ৰেপ্তাৰ কৰাৰ ধৰণক লৈ অসন্তু্ষ্টি প্ৰকাশ কৰিছে ৷ মিশ্ৰই কয় যে ছত্তীশগড় আৰক্ষীয়ে মধ্য প্ৰদেশ আৰক্ষীক কালিচৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিষয়ে অৱগত নকৰি নিয়ম উলংঘা কৰিছে ৷ এক টুইটযোগে তেওঁ মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানক ছত্তীশগড়ৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি এই সন্দর্ভত তেওঁলোকৰ আপত্তিৰ কথা জনাবলৈ নির্দেশ প্ৰদান কৰিছে ৷ মিশ্ৰৰ এই নির্দেশৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অজি কয়, “মহাত্মা গান্ধীক অপমান কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ বাবে তেওঁ সুখী নে দুখী সেয়া নৰোত্তম মিশ্ৰই কপ্ৰকাশ