গুৱাহাটী, ১ জুনঃ মালিগাঁৱত উৰণীয়া সেঁতু নিৰ্মাণ হৈ থকাৰ পৰিপেক্ষিতত সমগ্ৰ অঞ্চলটোত তীব্ৰ যান-জঁট সৃষ্টি হোৱা বাবে গুৱাহাটীৰ বাহিৰৰ বিভিন্ন স্থানৰ পৰা অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সমূহৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ (মহানগৰ) জিলা উপায়ুক্তই৷ সেই অনুসৰি মহানগৰীৰ বাহিৰৰ পৰা আৰু দূৰণিবটীয়া স্থানৰ পৰা অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গড়চুক বা লখৰা বা বেলতলা বা খানাপাৰা হৈ ৰূপনগৰ আস্থানলৈ আহিব লাগিব৷ কাইলৈ অৰ্থাৎ ২ জুনৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হ’ব৷