গুৱাহাটী মহানগৰ ঐতিহ্যমণ্ডিত ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অৰুণোদয় যোগ কমিউনিটিৰ উদ্যোগত আৰু ৰ’- স্পৰ্টছ চাইন্স একাডেমীৰ ব্যৱস্থাপনাত দিনযোৰা কাৰ্য্যসূচীৰে জিলা মুক্ত যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাখন আনুষ্ঠানিকভা্ে শুভ উদ্বোধন কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য্য শুভাশিষ ক’ৰে। শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰ’- স্পৰ্টছ চাইন্স একাডেমীৰ সঞ্চালক অচ্যুত কলিতাই উপস্থিত থাকি ভাসন প্ৰদান কৰে ৷ অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা বিক্ৰম ৰাজখোৱা , জাগতি নেচাৰ কেয়াৰ কেন্দ্ৰৰ সহ-প্ৰতিষ্ঠাপক ৱ্ৰচা জাগতি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সুন্দৰ বক্তিতাৰে প্ৰতিযোগীসকলক আপ্লুত কৰে।
প্ৰতিযোগিতাখনৰ মূল বিষয়বস্তু আছিল এক সজাগতা যে যোগ কেৱল কিছুমান নিৰ্দিষ্ট মানুহৰ কাৰণে নহয় , যোগ সকলোৰে বাবে। লগতে বিভিন্ন স্বাস্থ্যজনিত দিশত ৰোগ নিৰাময়ৰ কাৰণে গুৱাহটীত অৱস্থিত বিভিন্ন যোগ ষ্টুডিঅ’বিলাকত প্ৰশিক্ষণ লাভ কৰি থকা প্ৰশিক্ষাৰ্থীসকলক ষ্টুডিঅৰ চাৰিবেৰৰ পৰা উলিয়াই আহি প্ৰতিযোগিতাৰ মাজেৰে এক উৎসাহ প্ৰদান কৰা। শতাধিক প্ৰতাযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত তিনিগৰাকী বিশিষভাৱে সক্ষম প্ৰতিযোগীৰ যোগাভ্যাসে প্ৰতিযোগিতাখন আকৰ্ষণীয় কৰি তোলে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতায়োগীসকলক বঁটা মানপত্ৰ প্ৰদান ৰাৰ লগতে প্ৰতিজন প্ৰতিযোগীকে অংশ গ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয় । যোগ প্ৰশিক্ষীকা পাপৰী গগৈয়ে সঞ্চালনা কৰা অনুষ্ঠানৰ সফল পৰিসমাপ্তিৰ বাবে উদ্যোক্তা সমিতিৰ হৈ যোগ প্ৰচাৰিকা বঁটা বিজয়ী অৰুন্ধতী তালুকদাৰে সকলোকে কৃতজ্ঞতা জনাইছে ৷