অ’লা, উবেৰ, ৰেপিড’, পে-ইণ্ডিয়া আদি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন কেব সেৱাৰ লগত যাত্ৰীসকলৰ শেহতীয়া সংঘাতৰ অৱসান পেলোৱাৰ বাবে বুধবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত সংস্থাসমূহৰ বিষয়া-বৰ্গ আৰু চালকসকলৰ এখন সভা অনুষ্ঠিত কৰা হয়। অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাস, উপ আৰক্ষী অধীক্ষক (ট্ৰেফিক) হিৰণ্য বৰ্মণ আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থকা এই সভাত উপায়ুক্তগৰাকীয়ে জিলাখনত কেবসমূহে যাত্ৰীৰ অসুবিধা নোহোৱাকৈ সেৱা চলাই যোৱাৰ বাবে কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছে।
সেই অনুসৰি এতিয়াৰ পৰা কেবসমূহৰ চালকসকলে নিৰ্দিষ্ট ইউনিফৰ্ম পিন্ধিব লাগিব। যাত্ৰী বাহনত উঠা মাত্ৰকে গন্তব্য স্থান আৰু ভাড়া ‘ডিচপ্লে’ কৰিব লাগিব। চাৰিচকীয়া বাহনত ‘এ চি ‘ চলাব লাগিব। মন গ’লেই যাত্ৰা ‘কেনচেল’ কৰিব নোৱাৰিব। প্ৰত্যেকটো সংস্থাৰ স্থানীয় কাৰ্যালয় থাকিব লাগিব। স্থানীয় কাৰ্যালয়টোত ন’ডেল বিষয়া নিয়োজিত কৰিব লাগিব। কোনো সংস্থাৰ সৈতে সহজতে যোগাযোগ কৰিব পৰাকৈ ফোন নম্বৰ ৰাখিব লাগিব। চালক, মালিক বা সংস্থাৰ ভিতৰুৱা অভিযোগসমূহ তেওঁলোকে অতি সোনকালে সমাধান কৰিব লাগিব। যাত্ৰীয়ে ভাড়া আদায় দিয়াৰ ক্ষেত্ৰত অনলাইন, অফলাইন দুয়োটা সুবিধা সংস্থাই ৰাখিব লাগিব।