আগন্তুক ২১ আগষ্টত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাচনি পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া বিশেষভাবে সক্ষম পৰীক্ষাৰ্থীসকলৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যদিহে পৰীক্ষাত অৱৰ্তীণ হ’বৰ বাবে তেওঁলোকৰ স্ক্ৰাইব(SCRIBE) ৰ প্ৰয়োজন আছে, তেন্তে তেওঁলোকে তলত উল্লেখিত কামৰূপ মহানগৰ জিলাৰ যি কোনো এজন ন’ডেল বিষয়াৰ লগত যোগাযোগ কৰিব পাৰিব ৷ ন’ডেল বিষয়া কেইজন হৈছে-
ড° ধ্ৰুৱজ্যোতি হাজৰিকা, অতিৰিক্ত উপায়ুক্ত, কামৰূপ মহানগৰ জিলা, দুৰভাষ -৯৪৩৫১-৯৭১৭০ (94351-97170)
হেমন্ত কুমাৰ দত্ত, সহকাৰী আয়ুক্ত, কামৰূপ মহানগৰ জিলা দুৰভাষ – ৯৯৫৪১-৫৩৮৫৯ (99541-53859)