অসমৰ বিহপুৰীয়াৰ এখন মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম সন্নিবিষ্ট হৈছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত ৷ বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক দাসে নিজ প্ৰচেষ্টাৰে স্বাভাৱিক সংখ্যা ,যুগ্ম-অযুগ্ম সংখ্যা,উৎপাদক, গুণিতক ,বৰ্গ সংখ্যা ,বৰ্গমূল আদি ১ৰ পৰা ৫০ লৈকে এখন তালিকা ৩৮ ছে:মি: x ৩৮ছে:মি: জোখৰ এখন কাগজত প্ৰস্তুত কৰি উলিয়াইছে আৰু এই বাবেই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷
জানিবপৰা মতে চলিত বৰ্ষত কনক দাসে জিলা কৃতি শিক্ষকৰ বঁটা আৰু ভীমৰাও আম্বেদকাৰ আদৰ্শ বঁটা লাভ কৰাৰ লগতে শৈক্ষিক,সাংস্কৃতিক.ক্ৰীড়া আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা বিভিন্ন সন্মানেৰে সন্মানিত হৈছে৷
ধলপুৰৰ নিবাসী কনক দাসৰ এই কৃতিত্বত বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ শিক্ষক ,ছাত্ৰ-ছাত্ৰীৰ লগতে আনন্দিত হৈছে সমগ্ৰ অঞ্চলটোৰ বাসিন্দা সকল ৷