অদম্য সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ প্ৰতীক,ভাৰতীয় স্বাধীনতা যুঁজৰ প্ৰথম মহিলা স্বহীদ কনকলতা বৰুৱাৰ ১০০ বছৰীয়া জন্মজয়ন্তী অসম চৰকাৰৰ উদ্যোগত কনকলতা বৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সহযোগত ২১ আৰু ২২ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গহপুৰত আয়োজন কৰা হ’ব।
আজি গহপুৰৰ বৰঙাবাৰীস্থিত কনকলতাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গ, জিলা প্ৰশাসন, স্থানীয় ৰাইজ আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানটোৰ সম্পৰ্কত আলোচনাত মিলিত হয় মন্ত্ৰী বিমল বৰা ৷তদুপৰি, কনকলতাৰ স্মৃতি বিজৰিত বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে অনুষ্ঠানস্থলী পৰিদৰ্শন কৰোঁ।
উক্ত আলোচনাত সৰ্বাংগ সুন্দৰ ভাৱে কেনেদৰে অনুষ্ঠানটো আয়োজন কৰিব পৰা যায় তাৰ সম্পৰ্কত সকলোৰে পৰা দিহা পৰামৰ্শ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷
আলোচনা কালত বিধায়ক উৎপল বৰা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, জিলা আয়ুক্ত, মহকুমাধিপতিৰ লগতে স্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।