পৰিবৰ্তনশীল চিন্তাৰে এক নতুন দিগন্তৰ সূচনা কৰিবলৈ আগবাঢ়িছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা কানহাইয়া কুমাৰ আৰু গুজৰাটৰ দলিত নেতা জিগনেশ মেৱানীয়ে মঙলবাৰে ভাৰতীয় ৰাজনীতিৰ অন্যতম শক্তিশালী দল কংগ্ৰেছত যোগদান কৰিছে।
দেশৰ ছাত্ৰ সমাজত অতিকৈ জনপ্ৰিয় কানহাইয়া কুমাৰ ২০১৯ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ আগত ভাৰতীয় কমিউনিষ্ট দলত যোগদান কৰিছিল আৰু তেওঁ বিহাৰৰ বেগুচৰাইৰ পৰা বিজেপিৰ গিৰিৰাজ সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল।
এক ক্ৰান্তিকাৰী ব্যক্তিত্ব কানহাইয়া কুমাৰে জেএনইউ ত প্ৰদান কৰা এটা ভাষণে সমগ্ৰ দেশৰ ছাত্ৰ সমাজত তেওঁক জনপ্ৰিয় কৰি তুলিছিল।সকলো সময়তে ফেচিবাদী আৰু পুঁজিবাদী ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰা ছাত্ৰ নেতাজনৰ এই কংগ্ৰেছ গমন নিশ্চয়কৈ দলটোক এক যোগাত্মক প্ৰভাৱ পেলাব।
উল্লেখযোগ্য যে এই চৰ্চিত ছাত্ৰ নেতাজন ২০১৬ চনত সংসদ ভৱন আক্ৰমণৰ মাষ্টাৰমাইণ্ড আফজল গুৰুৰ মৃত্যু বাৰ্ষিকীৰ এক অনুষ্ঠানত দেশবিৰোধী শ্ল’গান দিয়াৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হৈছিল।
আনহাতে অন্য এক যুৱ নেতা গুজৰাট ভাদগাম সমষ্টিৰ স্বতন্ত্ৰ প্ৰাৰ্থী জিগনেশ মেৱানীয়ে কানহাইয়া কুমাৰৰ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকি কানহাইয়া কুমাৰৰ পিছতেই কংগ্ৰেছ দলত যোগদান কৰাটো নিশ্চিত কৰিলে। নৈতিকভাৱে কংগ্ৰেছ দলৰ সৈতে চামিল হোৱা মেৱানী দলটোত যোগদান কৰিবলৈ কেৱল আনুষ্ঠানিকতা বাকী থাকিল। যদিও আগন্তুক নিৰ্বাচনত এই যুৱ বিধায়কজনে যে কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব সেইটো নিশ্চিত বুলি ক’ব পাৰি।
তেনেক্ষেত্ৰত গণতান্ত্ৰিক ৰাষ্ট্ৰখনত এই দুই যুৱ শক্তিৰ কংগ্ৰেছ গমনে যে ৰাজনৈতিক ক্ষেত্ৰখনত এক পৰিৱৰ্তনৰ জোৱাৰ আনিব সেইয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।