কর্ণাটকৰ এজন ঠিকাদাৰৰ আত্মহত্যাৰ গোচৰত শাসনাধিষ্ঠিত বিজেপিৰ এজন মন্ত্ৰীৰ নাম সাঙোৰ খাই পৰাৰ পাছতে উত্তাল হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতি ৷ সন্তোষ পাটিল নামৰ ঠিকাদাৰ জনৰ আত্মহত্যাৰ গোচৰত নাম সাঙোৰ খাইছে মন্ত্ৰী কে এছ ইশ্বৰাপ্পাৰ ৷ কালি উদুপীৰ এটা লজত উদ্ধাৰ কৰা হৈছিল ঠিকাদাৰজনৰ মৃতদেহ ৷ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তেওঁ আত্মহত্যা কৰিছিল ৷ সন্তোষ পাটিলৰ ভাতৃ প্ৰশান্তই দাখিল কৰা এজাহাৰখনত ইশ্বৰাপ্পাৰ দুজন সহযোগী ক্ৰমে বাসবৰাজ আৰু ৰমেশৰ নামো উল্লেখ কৰা হৈছে।
জানিব পৰা মতে পাটিলে গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগত বিভিন্ন ঠিকাৰ কাম কৰিছিল ৷ ইয়াৰ বাবে তেওঁ চৰকাৰৰ পৰা লাভ কৰিবলগীয়া আছিল প্ৰায় ৪ কোটি টকা ৷ কিন্তু তেওঁৰ ঠিকাৰ বিল মোকলাই দিয়াৰ ক্ষেত্ৰত ৪০ শতাংশ কমিচন দাবী কৰিছিল ইশ্বৰাপ্পা আৰু তেওঁৰ সহযোগীসকলে ৷ পাটিলে চুইচাইড নোটত এই অভিযোগ উত্থাপন কৰি ইশ্বৰাপ্পা তেওঁৰ মৃত্যুৰ বাবে দায়ী বুলি উল্লেখ কৰিছিল ৷
ঠিকাদাৰজনে ছুইছাইড নোটত লিখিছে -“গ্ৰামোন্নয়ন মন্ত্ৰী কে এছ ইশ্বৰাপ্পা মোৰ মৃত্যুৰ বাবে একমাত্ৰ দায়ী। মোৰ আকাংক্ষাবোৰ একাষৰীয়া কৰি মই এই সিদ্ধান্ত লৈছো । মই প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰিয় লিংগায়াত নেতা বি এছ ৱাই আৰু আন সকলোকে মোৰ পত্নী আৰু সন্তানক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছো ৷”