“তুলসীৰ তলে মৃগপহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰ-ধনু ধৰে।”
অসমৰ জাতীয় উৎসৱ বিহু। ৰঙালী, কঙালী আৰু ভোগালী এই তিনি বিহুৰ প্ৰতিটো বিহুৰেই নিজ নিজ তাৎপর্য আছে। বিহু হ’ল চহা কৃষিজীৱী অসমীয়াৰ প্ৰাণৰো প্ৰাণ।
ৰঙালীত ৰং আৰু ভোগালীত ভোগ কৰাৰ বিপৰীতে খেতি পথাৰত খেতি আৰম্ভ কৰাৰ পিছত ভড়াললৈ খেতি সামৰি ননালৈকে অসমীয়া ৰাইজ যেন কঙাল অৰ্থাৎ দুখীয়া হৈ থাকে আৰু সেয়ে এই বিহুক কঙালী বিহু বুলি কোৱা হয়। অৱশ্যে আধ্যাত্মিকতাৰ ফালৰ পৰা চালে এই বিহু অধিক তাৎপর্যপূর্ণ।
কাতিমাহৰ প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈকে অসমীয়া ৰাইজে তুলসীৰ তলত চাকি আৰু আকাশবন্তী জলায়। প্ৰতিজন অসমীয়াৰ চোতালত প্ৰায় এমাহ জুৰি সন্ধিয়া তুলসীৰ তলৰ চাকিগছ জ্বলি থাকে চৌদিশ পোহৰাই।
কাতি বিহুৰ দিনা খেতিপথাৰ, ভড়াল, পদূলি, গোহালি, পাকঘৰ, শুৱনিকোঠা, গোঁসাইঘৰ, তুলসীতল আদিত মুঠ চৈধ্য গচ চাকি জ্বলোৱা হয়।কাতি বিহুৰ দিনটোত খেতি পথাৰত জ্বলোৱা বন্তিগছে চৌদিশ পোহৰাই ৰখাৰ উপৰিও খেতি বিনষ্টকাৰী পোক পতংগও আতৰাই। আনহাতে গোটেই কাতি মাহটোত তুলসী তলত জ্বলোৱা চাকিগছৰ পৰাও পোক পৰুৱা বহুত আতৰ হোৱাৰ লগতে পবিত্র তুলসী গছৰ বতাহে আমাক বিশুদ্ধ অম্লজান প্ৰদান কৰে।
কাতি বিহুৰ আগদিনা অসমীয়া ৰাইজৰ চোতালত তুলসী পুলি ৰুই তুলসীৰ ভেটি টো সুন্দৰকৈ মাটিৰে লেপণ দি সজোৱা হয় আৰু তাৰ সন্মূখতে চাকি জ্বলাব পৰাকৈ ব্যবস্থা কৰা হয় । তাৰ পিছত তুলসীৰ তলত কলপাতত মাহ-প্ৰসাদ, ফলমূল আদিৰে শৰাই আগবঢ়াই কৃষিজীবী অসমীয়াই তুলসীৰ তলত গোৱা নাম বা কাতি বিহুৰ নাম গায়।
পৰম্পৰাগত ভাৱে চলি অহা এই কাতি বিহু বা তুলসী তলত গোৱা নাম কালক্ৰমত হেৰাই যাবলৈ ধৰিছে ।কাতি বিহু নো কি, কাতি বা কঙালী বিহুত কি কৰা হয় সেয়া নতুন প্রজন্মই ভালদৰে জানিলেহে অসমীয়াৰ পৰম্পৰা সমূহ জীয়াই থাকিব ।