আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ হৈ পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ দর্শনার্থীৰ সংখ্যাই চলিত পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে ৷ ২০২৩ বৰ্ষৰ ১৫অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷
ইফালে পূৰ্বতে এপ্ৰিল,মে’ মাহত পৰ্যটকৰ আগমনৰ সংখ্যা কমে যদিও এই বৰ্ষত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা দৰ্শন কৰা পাছত পৰ্যটকৰ সংখ্যা বৃদ্ধি পায় ৷ পৰ্যটন বৰ্ষ শেষ হোৱাৰ লগে লগে এতিয়া আগন্তুক সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷
উল্লেখ্য যে এশিঙীয়ে গঁড়ৰ বাবে বিশ্ব পর্যটন ক্ষেত্ৰত কাজিৰঙাৰ আছে সুকীয়া পৰিচয় ৷ তদুপৰি কাজিৰঙাৰ বাঘেও দৃষ্টি আকর্ষণ কৰি আহিছে পর্যটকৰ ৷ আটাইকেইখন বনাঞ্চলতে বাঘৰ নয়নাভিৰাম দৃশ্যই মন্ত্ৰমুগ্ধ কৰি তোলে পৰ্যটকসকলক ।লক্ষণীয় যে হাতী ছাফাৰী, জীপ ছাফাৰীৰে পর্যটকসকলে কাজিৰঙাৰ সৌন্দর্য্য উপভোগ কৰে ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশী পর্যটকসকলেও ইয়াৰ সৌন্দর্য্যত মুগ্ধ হৈ আহিছে ৷