আজিৰ পৰা বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ এই ঋতুত ২ মিলিয়নতকৈও অধিক দৰ্শনাৰ্থীয়ে পৰিদৰ্শন কৰিছিল এশিঙীয়া গড়ৰ বাবে বিশ্ববিখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ জানিব পৰা মতে ১জুন ,২০২২ অৰ্থাৎআজিৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখন ।পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ৷
চাৰিটা বছৰৰ অন্তত ২০২১-২০২২ৰ পৰ্যটন বৰ্ষ যোৱা বছৰ অক্টোবৰ মাহত পুনৰ আৰম্ভ কৰা হয় । জানিব পৰা মতে এই বছৰ মুঠ ২,৫৫,৬৭৬ জন পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে।
কোভিদ সৃষ্ট পৰিবেশৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাৰিবছৰৰ বাবে বন্ধ আছিল।