বেয়া বতৰৰ বাবে বাতিল কৰা হৈছে কেদাৰনাথ ধাম যাত্ৰা। বতৰ বিজ্ঞান বিভাগে বুধবাৰে সমগ্ৰ উত্তৰাখণ্ড আৰু পশ্চিম উত্তৰ প্ৰদেশৰ অঞ্চলত অতি প্ৰবল বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। ফলত কেদাৰনাথ যাত্ৰা তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত নহয়। বেয়া বতৰৰ বাবে যাত্ৰীৰ জীৱনও বিপদত পৰিব পাৰে। তাৰ বাবেই কেদাৰনাথ ধাম যাত্ৰা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। বুধবাৰে মূলতঃ উত্তৰাখণ্ডৰ সোণপ্ৰয়াগ আৰু গৌৰীকুণ্ডা অঞ্চলত ধাৰাসাৰ বৰষুণৰ বাবে পথ বন্ধ হৈ পৰে। তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ কথা মনত ৰাখি ৰাজ্য প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰশাসনৰ সূত্ৰ অনুসৰি অলকানন্দ আৰু মন্দাকিনী নদীৰ জলপৃষ্ঠ ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত যথেষ্ট বৃদ্ধি পাইছে।
চাৰিটা ৰাজ্যিক ঘাইপথৰ লগতে আন দহটা পথ ভাঙি যোৱাৰ ফলত ব্যাহত হৈছে যোগাযোগ ব্যৱস্থা ৷ বুধবাৰে উত্তৰাখণ্ডত হোৱা মুষলধাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মঙলবাৰে আশ্বাস দিয়ে যে ৰাজ্য প্ৰশাসন বেয়া বতৰৰ পূৰ্বাভাসৰ পিছত সকলো ধৰণৰ দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সাজু।
এই প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে, “প্ৰতি বছৰে বাৰিষাৰ সময়ত আমি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হওঁ। প্ৰচণ্ড বৰষুণৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি পায় ৷ আমি সম্পূৰ্ণ সজাগ। ৰাজ্য প্ৰশাসনৰ বিষয়াৰ পৰা আৰম্ভ কৰি দুৰ্যোগ সঁহাৰি বাহিনীলৈকে সকলোৱে নিজৰ দায়িত্ব পালন কৰি আছে। যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ তেওঁলোক সাজু।”