আজি সমগ্ৰ দেশৰ জনতাক উদ্দেশ্য কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, ‘দীপাৱলিকে আৰম্ভ কৰি অনাগত অন্যান্য উৎসৱ সমূহতো সকলোৱে যেন নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰে আৰু মাস্কক নিজৰ জীৱন সংগী ৰূপে লয়’৷ লগতে সমগ্ৰ ভাৰতবৰ্ষ জুৰি এশ কোটি ভেকচিন দিবলৈ সক্ষম হোৱাৰ বাবে তেওঁ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷
দেশবাশীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেওঁ দেশৰ কোভিড পৰিস্থিতিৰ কথা বৰ্ণনা কৰাৰ লগতে কয় যে এই এশ কোটি ভেকচিন কেৱল মাত্ৰ এক সংক্ষা নহয় ই এক নতুন অধ্যায়ৰ আৰম্ভণি আৰু দেশৰ বাবে ই এক অভিলেখকাৰী সাফল্য৷২১ অক্টোবৰৰ ভিতৰত দেশৰ ১৩০ কোটি জনসাধাৰণৰ ১০০কোটি জনতাক কোভিড ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ আঁৰত সকলোৰে অৱদান আছে আৰু এই কাৰ্য্যই অৱশ্যেই দেশখনৰ চৰকাৰ তথা জনসাধাৰণৰ সামৰ্থ্যক সূচায় ৷