এই ‘কেফিৰ’ হৈছে মেইন কুন প্ৰজাতিৰ মেকুৰী যাক আমেৰিকাৰ মেইন ৰাজ্যত পোৱা যায়
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা মেকুৰীৰ ছবি, যাক বিশ্বৰ আটাইতকৈ ডাঙৰ মেকুৰী বুলি অভিহিত কৰা হৈছে। মেকুৰীটো ইমানেই ডাঙৰ যে সি নিজেই দুৱাৰ খুলি দিব পাৰে । মেকুৰীটোৰ গৰাকী হ’ল ৰাছিয়াৰ ইউলিয়া মিনিনা।
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ইউলিয়াই এই মেকুৰীটোৰ নাম ৰাখিছে ‘কেফিৰ’। ইউলিয়াই নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত কেফিৰৰ ছবিপ্ৰায়েই শ্বেয়াৰ কৰি থাকে।য’ত তেওঁৰ ৭৩ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে। যেতিয়াই ইউলিয়াই কেফিৰৰ ফটো পোষ্ট কৰে, ব্যৱহাৰকাৰীয়ে মেকুৰীটোক লৈ বিভিন্ন প্ৰতিক্ৰিয়া আগবঢ়ায়। লগতে মেকুৰীটোৰ আকাৰ দেখি আচৰিত হোৱা বুলিও প্ৰকাশ কৰে বহুজনেই। এখন ফটোত ইউলিয়াই কন্যা আঞ্চেকাৰ সৈতে কেফিৰৰ এটা ভিডিঅ’ পোষ্ট কৰিছে আৰু এই ভিডিঅ’টোত আঞ্চেকা আৰু কেফিৰৰ দৈৰ্ঘ্য প্ৰায় একে।
ইউলিয়াই পোষ্ট কৰা আন এটা ভিডিঅ’ত কেফিৰক পিছফালৰ ভৰি দুখনেৰে থিয় হৈ থকা দেখা গৈছে, আৰু দেখা গৈছে যে কেফিৰ সহজেই দুৱাৰৰ হেণ্ডেলত থিয় হ’ব পাৰিছে। কিছু সময়ৰ পাছত কেফিৰে নিজেই দুৱাৰখন খুলি ওলাই ৰ’দত বহি থকাও দেখা গৈছে ভিডিঅ’টোত।
কেফিৰ আৰু ইউলিয়াৰ কন্যাক একেলগে বহু ফটো আৰু ভিডিঅ’ত প্ৰায়েই দেখা যায়। দুয়োজনে একেলগে আনন্দ উপভোগ কৰা ,খেলে আৰু একেলগে কাৰ্টুনো চায়।
ইউলিয়াই এটা পোষ্টত লিখিছে যে কেফিৰ কেৱল যে দেখাত ডাঙৰ এনে নহয়, বৰঞ্চ অতি স্মাৰ্ট আৰু সদায় শান্ত হৈ থাকে।
জানিব পৰা মতে কেফিৰ হৈছে মেইন কুন প্ৰজাতিৰ মেকুৰী যাক আমেৰিকাৰ মেইন ৰাজ্যত পোৱা যায়। যি ইয়াৰ আকাৰৰ বাবেই জনাজাত। উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি প্ৰাকৃতিক জাত কেফিৰৰ এই প্ৰজাতি ।