কেৰেলাত নখনকৈ বিশ্ববিদ্যালয়ৰ উপাচার্যক পদত্যাগ কৰিবলৈ ৰাজ্যপালে নির্দেশ দিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি ৰাজ্যখনৰ চৰকাৰেও ইয়াৰ বিৰোধিতা কৰিছে ৷ ৰাজ্যপাল আৰিফ মহম্মদ খানে ৯ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক চাকৰি এৰিবলৈ দিয়া নিৰ্দেশক লৈ বিতৰ্কৰ মাজতে সোমবাৰে বিয়লি ৪ বজাত কেৰেলা উচ্চ ন্যায়ালয়ত বিশেষ শুনানি অনুষ্ঠিত হ’ব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ উদ্ধৃতি দি কেৰালাৰ ৰাজ্যপালৰ এই নিৰ্দেশনাই ৰাজ্যখনত এক বৃহৎ বিবাদৰ সৃষ্টি কৰিছে আৰু দেওবাৰে শাসকীয় বাওঁ গণতান্ত্ৰিক ফ্ৰণ্টে (এল ডি এফ) দলে কয় যে ইয়াৰ বিৰুদ্ধে বিক্ষোভ অনুষ্ঠিত কৰিব। এই নিৰ্দেশৰ বিৰুদ্ধে এতিয়া উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে উপাচাৰ্যসকলে।
সোমবাৰে মুখ্যমন্ত্ৰী পি বিজয়নে এখন সভা অনুষ্ঠিত কৰি উপাচার্যসকলক চাকৰি এৰি নিদিবলৈ নির্দেশ দিছে । বিজয়নে কয় যে ৰাজ্যপালগৰাকীৰ উপাচাৰ্যসকলক পদত্যাগ কৰিবলৈ কোৱাৰ কোনো কৰ্তৃত্ব নাই। তেওঁ আৰু কয় যে নিযুক্তিসমূহৰ অনিয়মৰ জবাবদিহি ৰাজ্যপাল হ’ব লাগিব ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “তেওঁলোকক নিযুক্তি দিয়াগৰাকীয়ো ৰাজ্যপালেই আছিল, আৰু নিযুক্তিৰ ক্ষেত্ৰত যদি অনিয়ম হৈছে তাৰ দায়িত্বও তেওঁ ল’ব লাগিব ।” ৰাজ্যপালৰ এই পদক্ষেপক “অস্বাভাৱিক” বুলি অভিহিত কৰি বিজয়নে তেওঁক ৰাজ্যখনৰ “বিশ্ববিদ্যালয়সমূহ ধ্বংস” কৰাৰ উদ্দেশ্যে “যুদ্ধ চলোৱা”ৰ অভিযোগ উত্থাপন কৰে।
দেওবাৰে কেৰেলাৰ ৰাজ্যপালে ৯ খন বিশ্ববিদ্যালয় ক্ৰমে কেৰেলা বিশ্ববিদ্যালয়, মহাত্মা গান্ধী বিশ্ববিদ্যালয়, কোচিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, কান্নুৰ বিশ্ববিদ্যালয়, এ পি জে আব্দুল কালাম কাৰিকৰী বিশ্ববিদ্যালয়, শ্ৰী শংকৰাচাৰ্য্য সংস্কৃত বিশ্ববিদ্যালয়, কলিকাট বিশ্ববিদ্যালয় আৰু থুঞ্চাথ এজুথাচন মালয়ালম বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়ৰ উপাচার্যক চাকৰি এৰি দিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ সোমবাৰে পুৱা ১১:৩০ বজাৰ ভিতৰত তেওঁলোকক চাকৰি এৰিব দিবলৈ নির্দেশ দিয়া হৈছে ।
ৰাজ্যখনৰ উচ্চ শিক্ষামন্ত্ৰী আৰ বিন্দুৱে “এটা দুৰ্ভাগ্যজনক পৰিস্থিতি”ৰ সৃষ্টি হৈছে বুলি কোৱাৰ বিপৰীতে আইন মন্ত্ৰী পি ৰাজীৱে আক্ৰমণ তীব্ৰতৰ কৰি কয় যে ইউজিচিৰ কোনো নিয়ম বা সংবিধানত ক’তো উপাচার্য ৰাজ্যপাল হ’ব লাগে বুলি উল্লেখ কৰা নাই ৷ ইপিনে, বিৰোধী দলৰ নেতা ভিডি সাথেছানে এই পদক্ষেপক আদৰণি জনাইছে ৷