মেক্সিকোৰ এখন বাৰত সংঘটিত অগ্নিকাণ্ডত ১১ জন লোকৰ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি মেক্সিকোৰ সীমান্তৱৰ্তী চহৰ ছান লুইছ ৰিঅ’ ক’লৰাড’ৰ এখন বাৰত মহিলাৰ সৈতে অসৎ আচৰণ কৰাৰ অপৰাধত এজন যুৱকক বাৰখনৰ পৰা বাহিৰ কৰি দিয়া হয় ৷ এই কার্যত ক্ষুন্ন হৈ যুৱকজনে বাৰখনত অগ্নিসংযোগ কৰে । এই অগ্নিকাণ্ডত ১১ জন লোকৰ মৃত্যু হয়।
শেহতীয়াকৈ ছান লুইছ ৰিঅ’ ক’লৰাড’ৰ এখন বাৰত এই ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত নৃত্য কৰি থকা অৱস্থাত বহু লোক জ্বলি মৃত্যুমুখত পৰে। জানিব পৰা মতে, ১১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে চাৰিগৰাকী মহিলা। আন চাৰিজনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই সন্দৰ্ভত অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে।