VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাছিয়াই দখলত থকা ইউক্ৰেইনত আক্ৰমণ কিয়েভৰ, আহত ৪১ জন

voicedesk by voicedesk
July 6, 2023
in মুখ্য সংবাদ
ৰাছিয়াই দখলত থকা  ইউক্ৰেইনত আক্ৰমণ কিয়েভৰ, আহত ৪১ জন
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ যুদ্ধ অব্যাহত আছে। এই যুদ্ধৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনে এখন দেশে আনখনক দোষাৰোপ কৰিয়েই আছে। এইবাৰ ৰাছিয়াই ইউক্ৰেইনক স্থানীয় আক্ৰমণৰ অভিযোগ উত্থাপন কৰে। ইউক্ৰেইনৰ পূব অঞ্চলৰ মাকিভকা চহৰ এতিয়া ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। ক্ৰেমলিনে দাবী কৰিছে যে ইউক্ৰেইনৰ আক্ৰমণত ৪১ জন লোক আহত হৈছে। গুৰুতৰভাৱে আহত এজন লোকৰ মৃত্যু হয়।

 

ইউক্ৰেইন আক্ৰমণত ৰাছিয়াৰ মূল লক্ষ্য হৈছে ডনেটস্ককে ধৰি পূব ইউক্ৰেইন দখল কৰা। ইতিমধ্যে ডনেটস্কৰ কিছু অংশ ক্ৰেমলিন সমৰ্থিত বিচ্ছিন্নতাবাদী গোটৰ নিয়ন্ত্ৰণত আছে। কিন্তু মস্কোৱে ইউক্ৰেইনৰ ঔদ্যোগিক ফার্মসমূহৰ ওপৰতো চকু ৰাখিছে। মাকিভকাত ৰাছিয়াৰ নিযুক্তিপ্ৰাপ্ত প্ৰশাসনিক মুৰব্বী ভ্লাডিছলাভ ক্লিউচাৰভে কয় , “ধাৰাবাহিকভাৱে চলি থকা গোলাবৰ্ষণত একচল্লিশজন লোক আহত হৈছে। তাৰ ভিতৰত দুটা শিশুও আছে। গুৰুতৰভাৱে আহত এজন লোক। পিছত তেওঁৰ মৃত্যু হয়।” ৰাছিয়াৰ নিযুক্তিপ্ৰাপ্ত ডনেস্কৰ মুৰব্বী ডেনিছ পুচিলিনে দাবী কৰে যে ইউক্ৰেইনৰ বাহিনীয়ে মাকিভকাৰ আৱাসিক অঞ্চলৰ চিকিৎসালয়ৰ চৌহদত মাৰাত্মক আক্ৰমণ চলাইছিল।

 

কিয়েভৰ সেনাই দাবী কৰিছে যে তেওঁলোকে মাকিভকাত ৰাছিয়াৰ “আন্তঃগাঁথনি” ধ্বংস কৰিছে। এক বৃহৎ বিস্ফোৰণৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। তেওঁলোকে এক বিবৃতিত কয় যে অস্থায়ীভাৱে দখল কৰা মাকিভকা চহৰত ৰাছিয়াৰ সেনাৰ আন এটা আন্তঃগাঁথনি ধ্বংস হৈছে।

 

ইফালে ইউক্ৰেইনত ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ আশংকাই পুনৰ মূৰ তুলিছে। কিছুসংখ্যক কূটনীতিবিদে আশংকা কৰিছে যে পৰৱৰ্তী পাৰমাণৱিক দুৰ্যোগ পূব ইউক্ৰেইনত হ’ব পাৰে। আমেৰিকাৰ এখন দৈনিক কাকতে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনক সকীয়াই দিছে। সেই প্ৰতিবেদন অনুসৰি ৰাছিয়াক পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাত বাধা দিয়াৰ সকলো কৃতিত্ব চীনৰ। যোৱা মাৰ্চ মাহত যেতিয়া জি জিনপিঙে মস্কো ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ সতৰ্ক কৰি দিছিল পুটিনক ৷

 

বেলাৰুছত ৰাছিয়াই নিৰ্মাণ কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ঘাটি। পশ্চিমীয়া দেশবোৰো সেই বিষয়ে চিন্তিত হৈ পৰিছে । বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে অৱশ্যে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক চুক্তিখন কোনো ধৰণে উলংঘা নকৰে বুলি কয়।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক জাপ’ৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰক লৈ উদ্বেগ প্ৰকাশ কৰে। এই পাৰমাণৱিক সুবিধাটো ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। জেলেনস্কিৰ ভাষাত “এয়া অতি বিপদজনক। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে যৌথ নিৰীক্ষণ চলি আছে।কালি সন্ধিয়া এখন সংবাদমেলত জেলেনস্কিয়ে দাবী কৰিছিল যে ৰাছিয়াই জাপ’ৰিজিয়া পাৰমাণৱিক শক্তি কেন্দ্ৰত বিস্ফোৰক যন্ত্ৰ স্থাপন কৰিছে। চীনে ইয়াৰ বিৰোধিতা কৰে। এই মুহূৰ্তত যুদ্ধক্ষেত্ৰত চীনৰ স্থিতি অন্যতম গুৰুত্বপূৰ্ণ।”

Previous Post

শ্বাহৰুখৰ অমান্তিৰ পাছত ফাৰহানৰ ‘ডন ৩’ত অভিনয় কৰিব নেকি প্ৰিয়ংকা চোপ্ৰাই?

Next Post

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাত গুৰুত্বপূৰ্ণ সত্ৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাত গুৰুত্বপূৰ্ণ সত্ৰ

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাত গুৰুত্বপূৰ্ণ সত্ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7