আকৌ এবাৰ ইউক্ৰেইনৰ ড্ৰ’নে সীমান্ত অতিক্ৰম কৰি ৰাছিয়াৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছে । এইবাৰ মস্কোত প্ৰৱেশ কৰিছে ইউক্ৰেইনৰ ড্ৰ’নে । ইউক্ৰেইনৰ তিনিটা ড্ৰ’ন দ্ৰুতগতিত ধ্বংস কৰা হয়। উপকণ্ঠ অঞ্চলৰ সমীপত এটা ধ্বংস হয়। এই ঘটনাত কোনো লোক আহত হোৱা নাই। কিন্তু লগে লগে ৰাছিয়াৰ ৰাজধানীত চাঞ্চল্য বিয়পি পৰে। আতংকৰ বাবে মস্কোৰ নুকোভ’ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক্ষীপ্ৰতাৰে বন্ধ হৈ পৰে। কালি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনে আফ্ৰিকাত শান্তিৰক্ষী বাহিনীৰ প্ৰস্তাৱৰ ওপৰত কয় যে, “তেওঁলোকৰ পদক্ষেপৰ সম্ভাৱনা আছে। কিন্তু পৰিস্থিতি অতি জটিল।“
শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাছিয়াত আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। ৰাছিয়াৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা প্ৰায়ে আক্ৰমণৰ খবৰ আহিছে ৷ যুদ্ধবিৰতি সন্দৰ্ভত পুটিনে আফ্ৰিকাৰ শান্তিৰক্ষী বাহিনীক কয় ,“ইউক্ৰেইনৰ বাহিনীয়ে আক্ৰমণ অব্যাহত ৰাখিছে। তেওঁলোকৰ ডাঙৰ যুদ্ধৰ পৰিকল্পনা আছে ৷ আক্ৰমণৰ সন্মুখত আমি যুদ্ধবিৰতি ঘোষণা কৰিব নোৱাৰো।”
শেহতীয়াকৈ কিয়েভে ৰাছিয়াৰ সীমান্তৱৰ্তী অঞ্চলত কেইবাবাৰো আক্ৰমণ চলাইছে। কিন্তু ৰাজধানীত এইবাৰ প্ৰথম আক্ৰমণ চলাইছে । এই আক্ৰমণত ক্ৰেমলিনে পোনে পোনে কিয়েভলৈ আঙুলিয়াই টোৱাইছে । ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াক ‘সন্ত্রাসবাদী আক্ৰমণৰ চেষ্টা’ বুলি ঘোষণা কৰে। তেওঁলোকৰ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, “৩০ জুলাইৰ পুৱা কিয়েভৰ শাসনে সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা চলাইছিল।” মস্কো অঞ্চলৰ অডিন্টছ’ভ’ জিলাত এয়াৰ ডিফেন্স চিষ্টেমে এখন ‘মানৱবিহীন বিমান’ (ইউএভি) আকাশত ধ্বংস কৰে। আন দুখন ড্ৰ’ন ডিভাইচটোৰ দ্বাৰা নিষ্ক্ৰিয় হৈ পৰে।
মস্কোৰ মেয়ৰ চাৰ্গেই ছাবিয়ানিনে কয় যে কোনো লোক আহত হোৱা নাই। স্থানীয় সংবাদ সংস্থাসমূহৰ মতে, মস্কোৰ নুকোভ’ বিমানবন্দৰৰ প্ৰৱেশ-প্ৰস্থান পথটো বন্ধ কৰি দিয়া হৈছিল। বিমানখন সাময়িকভাৱে ডাইভাৰ্ট কৰি অন্য ঠাইত অৱতৰণ কৰে। কিন্তু এঘণ্টাৰ ভিতৰতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল।