কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী গৌৰাং নদীৰ পাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শনিবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৰুণাচল বিধান সভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণাই ৷
তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱত জাপান, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকা, ইষ্টনিয়া, কেনিয়া, বাংলাদেশ, ভূটানকে ধৰি ৮খন বিদেশী ৰাষ্ট্ৰৰ কবি-সাহিত্যিকে অংশগ্ৰহণ কৰিছে ৷ তদুপৰি তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ ১৮০ গৰাকী সাহিত্যিকে অংশগ্ৰহণ কৰিছে ৷ সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি ‘লিৰথুমলাই‘ নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে অধ্যক্ষ পাছাং দৰ্জী সোণাই ৷
কোকৰাঝাৰ সাহিত্য উৎসৱত প্ৰথম দিনা কবিতা আবৃত্তি, কবি সন্মিলন, সন্ধিয়া মমবাতি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম,বিটিচি প্ৰধান প্ৰমোদ বড়ো কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী,আয়োজক সমিতিৰ সভাপতি অনিল বড়ো,বিধায়ক লৰেন্স ইছলাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
২৯ জানুৱাৰীত নৈপৰীয়া সভ্যতাৰ সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ৷ উক্ত আলোচনা চক্ৰত ড° বীণা বিদ্যাধৰন, ইমানুৱেল মজিদ খান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অৱনী ভাগৱতীয়ে অংশগ্ৰহণ কৰিব ৷ এইবেলি পোন প্ৰথমবাৰৰ বাবে ‘গৌৰাং সাহিত্য বঁটা’ প্ৰদান কৰা হ’ব ৷ সাহিত্য উৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ বিশিষ্ট কবি সমীৰ তাঁতীয়ে অংশগ্ৰহণ কৰিব ৷