বলিউডৰ বিশিষ্ট পৰিচালক কৰণ জোহৰৰ ঘৰত অনুষ্ঠিত পার্টীৰ পাছতে ক’ভিডত আক্ৰান্ত হৈছে মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু অমৃতা আৰোৰাসহ চাৰিজন লোক ৷ এই পার্টীত উপস্থিত থকাৰ পাছত ক’ভিডত আক্ৰান্ত হোৱা আন দুগৰাকী হৈছে সীমা খান আৰু মাহীপ কাপুৰ ৷ কৰীণাসহ পার্টীত উপস্থিত থকা ব্যক্তিৰ শৰীৰত ক’ভিডৰ সংক্ৰমন ধৰা পৰাৰ পাছত আজি কৰীণা কাপুৰ আৰু কৰণ জোহৰৰ বাসগৃহ চেনিটাইজ কৰা হয় ৷ মঙলবাৰে পুৱাৰে পৰা দুয়োগৰাকী ষ্টাৰৰ বাসগৃহ চেনিটাইজ কৰা পৰিলক্ষিত হয় ৷ ইপিনে, বি এম চিয়ে আজি ছীল কৰি দিছে কৰীণা কাপুৰৰ বাসগৃহ ৷
যোৱা ৮ ডিচেম্বৰত কৰণ জোহৰে নিজৰ বাসগৃহত অয়োজন কৰিছিল এই পার্টীৰ ৷ কভি খুচী কভি গম নামৰ ছবিখনৰ ২০ বছৰ উপলক্ষে কৰণে এই পার্টীৰ আয়োজন কৰিছিল ৷ ক’ভিড আক্ৰান্ত চেলিব্ৰিটি কেইজনৰ উপৰিও উক্ত পার্টীত উপস্থিত আছিল অর্জুন কাপুৰ, মালাইকা আৰোৰা আৰু আলিয়া ভাট ৷ কৰীণা , কৰিশ্মা আৰু মালাইকা একেলগে এই পার্টীলৈ আহিছিল ৷ বি এম চিয়ে প্ৰকাশ কৰা অনুসৰি সীমা খান প্ৰথমে ক’ভিডত আক্ৰান্ত হৈছিল ৷ ইতিমধ্যে এই পার্টীত অংশগ্ৰহন কৰা লোকসকলৰ লগতে তেওঁলোকৰ সংর্স্পশলৈ অহা লোকসকলৰ ক’ভিড পৰীক্ষা অব্য়াহত ৰাখিছে বি এম চিয়ে