অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সৰ্বভাৰতীয় সদস্যা, ধেমাজি জিলাৰ হাতীগড় প্ৰাথমিক বিদ্যালয় পৰা প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব পালন কৰি অৱসৰ গ্ৰহণ কৰা , কৃত্তি শিক্ষয়িত্ৰী অম্বিকা সন্দিকৈ বৰুৱা আজি দিনৰ ১–৪০ বজাত গুজৰাটৰ চিকিৎসালয়ত মৃত্যু বৰণ কৰে।
শিক্ষকতা আৰু শিক্ষক সংগঠক ৰূপে সফলতা অৰ্জন কৰা সন্দিকৈ বৰুৱা এগৰাকী সফল অভিনেত্ৰীও আছিল। জয়মতী নাটকত নগা গ্ৰামৰ অভিনয় কৰি অভিনেত্ৰী ৰূপে পৰিচয় লাভ কৰিছিল। জ্ঞান বিজ্ঞান সমিতি, সদৌ অসম লেখিকা সমাৰোহ আদি ভিন্ন সংগঠনৰ সৈতে প্ৰত্যক্ষভাবে জড়িত আছিল। বৰুৱাৰ শিক্ষকতা, শিক্ষক সংগঠন আৰু সামাজিক কৰ্মৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ‘‘স্ৰোতশ্ৰীনী’’ নামেৰ এখনি জীৱনভিত্তিক অভিনন্দন গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছিল।
অম্বিকা সন্দিকৈ বৰুৱাৰ মৃত্যুত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামী, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে দেশ তথা ৰাজ্যৰ প্ৰাথমিক শিক্ষক সকলৰ হৈ গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত এই সংসাৰত এৰি যোৱা পুত্ৰ বোৱাৰী নাতি-আৰু আত্মীয় স্বজনলৈ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সমবেদনা জ্ঞাপন কৰাৰ লগতে সন্দিকৈ বৰুৱাৰ মৃত্য সন্মিলনীৰ বাবে অপূৰনীয় ক্ষতি অভিহিত কৰি তেখেতৰ কৰ্ম প্ৰেৰণা দহৰ পাথেয় হোৱাৰ আশা ব্যক্ত কৰিছে।