ইউক্ৰেইনত পুনৰ তীব্ৰতৰ হৈছে ৰাছিয়ান সেনা বাহিনীৰ আক্ৰমণ ৷ এইবাৰ ইউক্ৰেইনৰ ৰাজধানী চহৰ কীভক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাছিয়াই ৷ সোমাবাৰে পুৱাৰে পৰা কীভৰ ভিন্ন প্ৰান্তত ৰাছিয়াই আক্ৰমণ আৰম্ভ কৰিছে ৷ কামিকাজে ড্ৰোণেৰে কীভত আক্ৰমণ কৰে ৰাছিয়ান সৈন্য়ই ৷ প্ৰথম বিস্ফোৰণৰ কিছু সময়ৰ পূৰ্বে কীভত প্ৰায় পুৱা ৬:৩৫ বজাত বিমান আক্ৰমণৰ চাইৰেন বাজি উঠে ৷ ইয়াৰ পিছত দেশ খনৰ বেছিভাগ ঠাইতে চাইৰেন বাজে ৷
দেশখনৰ ৰাষ্ট্ৰপতিৰ মুখ্য বিষয়া এণ্ড্ৰি ইয়েৰমাকে ছ’চিয়েল মিডিয়াত কয় যে ৰাজধানীখনত কামিকাজে ড্ৰ’নে আক্ৰমণ কৰিছিল। ইউক্ৰেইনৰ ৰাজধানী আৰু সমগ্ৰ দেশৰ চহৰসমূহত ৰাছিয়াই ক্ষেপণাস্ত্ৰৰ ব্যাপক আক্ৰমণ আৰম্ভ কৰাৰ ঠিক এসপ্তাহৰ পাছতেই আজিৰ আক্ৰমণ সংঘটিত হৈছে।
কীভৰ মেয়ৰ ভিটালি ক্লিচকোৱে কয় যে ড্ৰ’ন আক্ৰমণৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছে আৰু মধ্য শ্বেভচেংকিভস্কি জিলাৰ কেইবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ বাসিন্দাসকলক সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ সকীয়াই দিয়া হৈছে ৷
মেয়ৰগৰাকীয়ে কামিকাজে ড্ৰ’নৰ এটাৰ জ্বলি যোৱা ধ্বংসাৱশেষৰ এখন ছবিও পোষ্ট কৰে ৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে যোৱা সপ্তাহত কয় যে ইউক্ৰেইনৰ কেইবাখনো চহৰত শক্তি আন্তঃগাঁথনিৰ ওপৰত ৰাছিয়াৰ আক্ৰমণত ইৰাণৰ ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে ৷ যদিও ইৰাণে যুদ্ধৰ বাবে ৰাছিয়াক অস্ত্ৰ যোগান ধৰাৰ কথা অস্বীকাৰ কৰিছে।
ইয়াৰ পূর্বে ১০ অক্টোবৰত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত কমেও ১৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০৫ জন হৈছিল ৷