কামৰূপ মহানগৰ জিলাত একত্ৰীকৰণ কৰা হ’ব কেইবাখনো বিদ্যালয়৷ শেহতীয়াকৈ ৩০তকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিলে একত্ৰীকৰণৰ নিৰ্দেশনা। ছাত্ৰ–ছাত্ৰীৰ সংখ্যা অতি কম হোৱাৰ বাবেই এই বিদ্যালয়সমূহক একত্ৰীকৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ।কামৰূপ মহানগৰত ১৬ খনকৈ বিদ্যালয় একত্ৰীকৰণ কৰা হ’ব। এই ১৬খন বিদ্যালয়তে শিক্ষাৰ্থীৰ সংখ্যা ৩০জনতকৈ কম হোৱাৰ বাবেই এই সিদ্ধান্ত কৰ্তৃপক্ষৰ ৷
ইতিমধ্যে একত্ৰীকৰণ কৰিবলগীয়া ১৫ খন বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছে। এই তালিকাত নাম থকা বিদ্যালয়সমূহ হ’ল – নামনি কামাখ্যা এল পি স্কুল, বীণাপানী হিন্দী এল পি স্কুল, মাছখোৱা মাজিদা এল পি স্কুল, খাৰঘূলী শিশু বিদ্যাপীঠ,মালিগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰ সিং এল পি স্কুল,উত্তৰ বনমজা এল পি স্কুল,কটকীপাৰা এল পি স্কুল,লাচিত গড় এল পি স্কুল,টিলিং গাঁও এল পি স্কুল, ঘোঁৰামৰা এল পি স্কুল,জনজাতি এম ই স্কুল, জিতেন্দ্ৰ নাথ এম ই স্কুল, চিত্ৰাঞ্চল এল পি স্কুল,আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল আৰু নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল ৷