আজি উদযাপন কৰা হয় শ্ৰমিক কল্যান দিৱস । গুৱাহাটীৰ জিএমচিএইছৰ প্ৰেক্ষাগৃহত আয়োজন কৰা শ্ৰমিক কল্যান দিৱসত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বনমন্ত্রী চন্দ্ৰ মোহন পাটোৱাৰী,শ্ৰমিক কল্যান আৰু চাহ জনজাতি উন্নয়ন মন্ত্ৰী সঞ্জয় কিষান, কৃষি মন্ত্ৰী অতুল বৰা । তদুপৰি শ্ৰমিক কল্যাণ বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু ৰাজ্যৰ শ্ৰম আয়ুক্ত অনামিকা তিৱাৰী উপস্থিত থাকে। শ্ৰমিক কল্যাণ বিভাগ আৰু অসম শ্ৰমিক কল্যান চছাইটিযে যৌথভাৱে এই কাৰ্যসূচীৰ আয়োজন কৰে।অনুষ্ঠানত শ্ৰমিক কল্যানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত আলোকপাত কৰা হয়।