নমস্তে সৰ্বদেৱানাং বৰদাসি হৰিপ্ৰিয়ে।
যা গতিস্বৎ প্ৰপন্নানাং সা মে ভূয়ত্বদৰ্শনাৎ।।
শৰতে আদৰি আনিছে মংগলময়ী মাতৃৰ লগতে আন আন দেৱী -দেৱতা সকলক। মনৰ প্ৰশান্তিৰ বাবে যুগে যুগে মানুহে অদৃশ্য শক্তিৰ আশ্ৰয় লৈ আহিছে আৰু জীৱনৰ দুখ-কষ্টৰ প্ৰতিকাৰ কৰি এক আলোকময় পথৰ সন্ধানৰ বাবে আশ্ৰয় লৈছে ঐশ্বৰিক শক্তিৰ চৰণত। বিজ্ঞানৰ বৈপ্লবিক পৰিবৰ্তনেও মানুহৰ মনৰ পৰা সেই বিশ্বাস নিঃশেষ কৰিব পৰা নাই।
আজি লক্ষ্মী পূজা। হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষ্মী দেৱীৰ জন্মদিন। মান্যতা আছে যে শাৰদীয় পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীয়ে পূজাৰ আসনত অধিষ্ঠান কৰে।
এই পূজা কৰিবলৈ হ’লে স্নান কৰি পৰিষ্কাৰ- পৰিচ্ছন্ন পৰিবেশত , ঠাইডোখৰ পৰিষ্কাৰ কৰি লৈ শুদ্ধ বস্ত্ৰ পৰিধান কৰি পূজাৰ যা-যোগাৰ কৰিব লাগে আৰু এটা ঘটত পানী ভৰাই তাত শিলিখা , পইচা আৰু চাউল দিব লাগে। পাঁচ খিলা আমৰ পাত ঘটৰ মুখত দি ডাব নাৰিকল এটাত সেন্দুৰ দি ঘটটোৰ ওপৰত থ’ব লাগে। ঘট , আম পাতত সেন্দুৰ দিব লাগে। আগলি কলপাত এখন সন্মুখত ৰাখি এটা অংশত চাকি , ধূপ-ধূনা আৰু বাকী অংশত ফুল , দুবৰি , চাউল , নৈবেদ্য , ফল-মুল আদিৰ লগতে মা লক্ষী দেবীৰ প্ৰিয় ফল নাৰিকল আৰু তামোল- পাণ দিব লাগে। তাৰ পাছত শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ স্তব ,পাঁচালী , শতনাম , চৰিত্ৰ , নাম আদি সভক্তিৰে পৰিয়ালৰ এজনে পঢ়ি বাকী বিলাকে শ্ৰদ্ধাৰে শুনি থাকিব লাগে। পাঠ সমূহ শেষ হ’লে সকলোৱে দেৱীৰ ধ্যান -মন্ত্ৰ জপ কৰিব লাগে।
ওঁ বিশ্বৰূপস্য ভাৰ্য্যাসি পদ্মে পদ্মালয়ে শুভে।
সৰ্বতঃ পাহি মাং দেৱী মহালক্ষী নমোহস্তুতে ।।
মা লক্ষ্মী দেৱীক আৰাধনা কৰিলে ভক্ত সকলৰ ধন-সম্পত্তিৰ প্ৰাপ্তিৰ লগতে মান -সন্মান , যশ -খ্যাতি আদিও লাভ হয় বুলি ভক্ত সকলৰ বিশ্বাস। তাৰোপৰি দেৱী সন্তুষ্ট হলে ভক্তৰ জীৱনৰ হতাশ- হুমুনিয়াহ , বিভিন্ন সমস্যা আদিও নাশ হয় বুলি হিন্দু ধৰ্মৰ লোক সকলে যুগ যুগ ধৰি বিশ্বাস কৰি আহিছে।