নামনি অসমত দুগ্ধ বিপ্লৱৰ বাবে সাজু হৈছে লখিমী ডেইৰী ৷ দীর্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত পুনৰ মুকলি কৰা হৈছে বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰাত মুকলি কৰা হ’ল লখিমী ডেইৰী দুগ্ধ প্ৰকল্প ৷ অঞ্চলটোৰ ২৭ খন গোপালক কমিটীৰ প্ৰচেষ্টাত এই প্ৰকল্প মুকলি কৰা হয় ৷ বঙাইগাও জিলা দুগ্ধ সমবায় সংঘৰ উদ্যোগত মুকলি কৰা হৈছে এই প্ৰকল্প ৷
উল্লেখ্য যে ২০২১ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে লখিমী ডেইৰী মুকলি কৰিছিল ৷ কিন্তু দুর্ভাগ্যজনকভাৱে মুকলিৰ এদিন পাছতে প্ৰকল্পটো বন্ধ হৈ পৰে ৷ তেতিয়াৰ পৰা সমিতিখনে প্ৰকল্পটো পুণৰোজ্জীৱিত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ যাৰ বাবে কমিটীখনে নিজা প্ৰচেষ্টাৰে মুকলি কৰে এই প্ৰকল্প ৷ গাখীৰ, দৈ, পনীৰ ,ক্ৰীম অঞ্চলটোৰ বজাৰত মুকলি কৰি দিব ৷