উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত এক লোমহৰ্ষক ঘটনা সংঘটিত হয়। তিনি বিতৰ্কিত কৃষক বিৰোধী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষক নেতাসকলক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰই গাড়ীৰে মহটিয়াই নিয়াৰ ফলত থিতাতে তিনিজন নেতাৰ মৃত্যু হয়। বৰ্তমান এই সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে মন্ত্ৰী অজয় কুমাৰ মিশ্ৰই এখন মল্লযুঁজৰ আয়োজন কৰিছিল। সেই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যই অংশ গ্ৰহণ কৰাৰ কথা আছিল। উপ মুখ্যমন্ত্ৰী অহাৰ প্ৰতিবাদত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
এই ঘটনাক সমগ্ৰ সচেতন দেশবাসীয়ে তীব্ৰ গৰিহণা দিছে। দোষীক শাস্তি প্ৰদানৰ বাবে কৃষক নেতাসকলে দেশযুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।