অহা ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান । এই অনুষ্ঠানৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে দেশবাসীয়ে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত দেশৰ আন প্ৰান্তৰে লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিভিন্ন মঠ-মন্দিৰত আয়োজন কৰা হৈছে ধর্মীয় কার্যসূচীৰ ৷
নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বেলশৰৰ বিল্বেশ্বৰ দেৱালয়তো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাখনত জ্বলিব এক লক্ষাধিক বন্তি। ১ লাখ বন্তি প্ৰজ্বলনৰ বাবে সাজু হৈছে বিল্বেশ্বৰ দেৱালয় পৰিচালনা সমিতি । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাখন স্থানীয় ৰাইজৰ সহযোগত বিল্বেশ্বৰ দেৱালয়ত ১ লাখ বন্তি প্ৰজ্বলন কৰা হ’ব । সেইদিনাই বিল্বেশ্বৰ দেৱালয়ত পূজা অৰ্চনাৰ লগতে আয়তীৰ নাম কীত্তনৰ কাৰ্যসূচীও অনুষ্ঠিত কৰা হ’ব । আবেলি ৪ বজাত স্থানীয় ৰাইজৰ সহযোগত ১ লাখ মাটিৰ চাকিৰে উজ্বলি উঠিব বিল্বেশ্বৰ দেৱালয় ।
সমান্তৰালভাৱে বশিষ্ঠ মন্দিৰতো জ্বলোৱা হ’ব ১ লাখ চাকি ৷ উগ্ৰতাৰ দেৱালয়-কামাখ্যা দেৱালয়তো সেইদিনা আয়োজন কৰা হৈছে বিশেষ ধর্মীয় কার্যসূচী ৷ তদুপৰি আন নামঘৰ-সত্ৰসমূহতো আয়োজন কৰা হৈছে বন্তি প্ৰজ্বলনকে ধৰি আন আন কার্যসূচী ৷