সাধাৰণ নাগৰিকৰ হিতৰ বাবে ৰাজকোষৰ পৰা মোকলাই দিয়া ধন একাংশ চৰকাৰী কর্মচাৰীৰ লুণ্ঠনৰ লক্ষ্য হৈ আহিছে ৷ বিভিন্ন ৰাজ্যত এনেধৰণৰ লুণ্ঠনৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে ৷ কিন্তু কর্ণাটকৰ এজন কণিষ্ঠ অভিযন্তাৰ কার্যত হতভম্ব হৈ পৰিছে ৰাজ্যখনৰ দুর্নীতি নিবাৰক শাখা ৷ ৰাস্তা নির্মাণৰ বাবে মোকলাই দিয়া ধন লুণ্ঠন কৰি পানীৰ পাইপত লুকুৱাই ৰাখিছিল ছান্থাগৌড় এম বিৰাডা নামৰ গড়কাপ্তানি বিভাগৰ কণিষ্ঠ অভিযন্তাজনে ৷
কালাবুৰাগীত থকা অভিযন্তাজনৰ বাসগৃহত অভিযান চলোৱাৰ সময়তে দুর্নীতি নিবাৰকে এই ধনৰাশি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বাসগৃহটোত সংলগ্ন হৈ থকা পানীৰ পাইপ কাটি দুর্নীতি নিবাৰকে মুঠ ১৩.৩৫ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি অভিযন্তাজনে ঘৰৰ চিলিঙতো লুকুৱাই ৰাখিছিল বৃহৎ পৰিমানৰ ধন ৷ পানীৰ পাইপ আৰু চিলিঙৰ পৰা মুঠ ৫৪.৫ লাখ টকা জব্দ কৰিছে তদন্তকাৰীয়ে ৷
দুর্নীতিগ্ৰস্ত অভিযন্তাজন মুঠ তিনিটা বাসগৃহৰ মালিক হোৱাৰ উপৰি আছে তিনিখন বিলাসী বাহন ৷ সেইদৰে তেঁওৰ নামত আছে ৩৬ একৰ ভূমিৰ লগতে বহু পৰিমানৰ আ- অলংকাৰ ৷ বিৰাডাৰৰ উপৰি আন ১৪ গৰাকী বিষয়াৰ বাসগৃহতো দুর্নীতে নিবাৰকে অভিযান চলাই ৷ মুঠ ৫০৩ জন বিষয়াই ৬৮ টা স্থানত তালাচী চলাইছিল ৷ অভিযানৰ অন্তত দুর্নীতে নিবাৰকে ১৬.৫ কিলোগ্ৰাম সোন,৪৫ কিলোগ্ৰাম আৰু বহু সংখ্যক নথি পত্ৰ জব্দ কৰে ৷