VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?

voicedesk by voicedesk
November 24, 2021
in মুখ্য সংবাদ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অপৰাধজনিত ঘটনা নির্মূল কৰিবলৈ কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নির্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ আৰক্ষী থানাসমুহত এজাহাৰ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত কেতবোৰ নির্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ এই ক্ষেত্ৰত ললিতা কুমাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশাৱলী পালন কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ ললিতা কুমাৰীৰ গোচৰত কি নর্দেশ দিছিল উচ্চতম ন্যায়ালয়ে, আপুনি জানেনে ?

ললিতা কুমাৰী বনাম উত্তৰ প্ৰদেশ চৰকাৰ (লেখ আবেদন (ক্ৰিমিনেল) ৬৮/২০০৮),এই গোচৰটোত উচ্চতম ন্যায়ালয়ৰ এখন সাংবিধানিক বিচাৰপীঠে প্ৰকাশ কৰিছিল যে যদিহে সদৰী কৰা তথ্যসমুহে গ্ৰহণযোগ্য অপৰাধ সংঘটিত কৰাটো নিশ্চিত কৰে তেনহ’লে ফৌজদাৰী বিধিৰ ১৫৪ ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ৷ এনে পৰিস্থিতিত প্ৰাথমিক অনুসন্ধানৰ প্ৰয়োজনীয়তা নাই ৷ আনহাতে, লাভ কৰা তথ্যসমূহে যদি গ্ৰহণযোগ্য অপৰাধ হোৱাটো নিশ্চিত নকৰে, কিন্তু এটা তদন্তৰ প্ৰয়োজনীয়তাৰ ইংগিত প্ৰদান কৰে তেনেহ’লে এটা প্ৰাথমিক তদন্ত কৰিব পাৰে ৷ গ্ৰহণযোগ্য অপৰাধ সংঘটিত হৈছেনে নাই সেয়া নিশ্চিত কৰিবৰ বাবে এই প্ৰথমিক তদন্ত কৰিব পাৰে ৷

এজাহাৰ পঞ্জীয়নৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নির্দেশাৱলীসমূহ এনেধৰণৰ –

১) যদিহে সদৰী কৰা তথ্যসমুহে গ্ৰহণযোগ্য অপৰাধ সংঘটিত কৰাটো নিশ্চিত কৰে তেনহ’লে ফৌজদাৰী বিধিৰ ১৫৪ ধাৰাৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ৷ এনে পৰিস্থিতিত প্ৰাথমিক অনুসন্ধানৰ প্ৰয়োজনীয়তা নাই ৷

২) লাভ কৰা তথ্যসমূহে যদি গ্ৰহণযোগ্য অপৰাধ হোৱাটো নিশ্চিত নকৰে, কিন্তু এটা তদন্তৰ প্ৰয়োজনীয়তাৰ ইংগিত প্ৰদান কৰে তেনেহ’লে এটা প্ৰাথমিক তদন্ত কৰিব পাৰে ৷ গ্ৰহণযোগ্য অপৰাধ সংঘটিত হৈছেনে নাই সেয়া নিশ্চিত কৰিবৰ বাবে এই প্ৰথমিক তদন্ত কৰিব পাৰে ৷

৩)তদন্তত গ্ৰহণযোগ্য অপৰাধ হোৱাটো নিশ্চিত হ’লে এজাহাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ৷ যদিহে অভিযোগ প্ৰাথমিক অনুসন্ধানৰ পাছত সমাপ্ত কৰা হয় তেনেহ’লে ইয়াৰ প্ৰতিলিপি প্ৰথম তথ্যযোগানকাৰীক অতি শীঘ্ৰে প্ৰদান কৰিব লাগে ৷ এসপ্তাহৰ ভিতৰতে প্ৰথম তথ্যযোগানকাৰীক প্ৰতিলিপি প্ৰদান কৰিব লাগে ৷কিয় তেওঁৰ তথ্যৰ ভিত্তিত অধিক তদন্ত কৰা নহ’ব আৰু কিয় তদন্ত সমাপ্ত কৰা হ’ল সেই বিষয়ে প্ৰতিলিপিত চমুকৈ উল্লেখ কৰিব লাগে তদন্তকাৰীয়ে ৷

৪) গ্ৰহণযোগ্য অপৰাধ সংঘটিত হোৱাতো নিশ্চিত হ’লে এজন  আৰক্ষী বিষয়াই গোচৰ পঞ্জীয়ন কৰাৰ কর্তব্য কেতিয়াও আওকান কৰিব নোৱাৰে  ৷গ্ৰহণযোগ্য অপৰাধ সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ পাছতো এজাহাৰ পঞ্জীয়ন নকৰা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

৫) সত্যতা  অথবা লাভ কৰা তথ্যৰ পৰীক্ষা কৰাটোৱেই প্ৰাথমিক অনুসন্ধানৰ কাম নহয়,  বৰঞ্চ গ্ৰহণযোগ্য অপৰাধ হৈছেনে নে নাই,সেইতোহে  নিশ্চিত কৰিব লাগে ৷

৬)কোনটো গোচৰত প্ৰাথমিক অনুসন্ধানৰ প্ৰয়োজনীয়তা আছে, সেয়া নির্ভৰ কৰিব প্ৰতিটো গোচৰৰ তথ্য আৰু পৰিস্থিতিৰ ওপৰত ৷ প্ৰাথমিক অনুসন্ধান কৰাৰ প্ৰয়োজনীয়তা থকা গোচৰসমূহ হৈছে এনেধৰণৰ –

ক)বৈবাহিক বিতর্ক/ পৰিয়ালকেন্দ্ৰিক বিতর্ক

খ) বাণিজ্যিক অপৰাধ

গ)চিকিৎসাজনিত অৱহেলাৰ গোচৰ

ঘ) দুর্নীতিৰ গোচৰ

ঙ) যিসমূহ গোচৰত ফৌজদাৰী মোকর্দমা আৰম্ভ কৰাত অস্বাভাৱিক বিলম্ব হয় সেই গোচৰসমূহত প্ৰাথমিক তদন্তৰ প্ৰয়োজন হয় ৷ উদাহৰণস্বৰূপে কোনো ঘটনাৰ বিষয়ে তিনি মাহতকৈয়ো  অধিক সময়ৰ পাচত অভিযোগ দাখিল কৰি বিলম্ব হোৱাৰ সন্তোষজনক কাৰন বর্ণনা কৰিব নোৱাৰিলে প্ৰাথমিক তদন্তৰ বিষয়ে আৰক্ষীয়ে  চিন্তা কৰিব পাৰে ৷ উক্ত বিষয়সমূহ কেবল বাখ্যামুলকহে ৷ তেনে সকলো পৰিস্থিতিতে প্ৰাথমিক তদন্তৰ প্ৰয়োজনীয়তা নহ’বও পাৰে ৷

৭) অভিযোগকাৰী  আৰু অভিযুক্তৰ অধিকাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰাথমিক অনুসন্ধান সময় নির্দ্দিষ্ট ভাবে সম্পুর্ণ কৰিব লাগে ৷ যিকোনো গোচৰত এই তদন্তৰ সময় এসপ্তাহতকৈ অধিক  হ’ব নালাগে ৷ তদন্তত বিলম্ব হ’লে  তেনে বিলম্বৰ কাৰণ জেনেৰেল ডায়েৰীত অর্ন্তভুক্ত কৰিব লাগে ৷

৮) গ্ৰহণযোগ্য অপৰাধৰ ক্ষেত্ৰত সকলো তথ্য জেনেৰেল ডায়েৰী/ ষ্টেচন ডায়েৰী/ দৈনিক ডায়েৰীত লিপিবদ্ধ কাৰাটো বাধ্যতামুলক ৷ তদুপৰি প্ৰাথমিক তদন্ত কৰাৰ সিদ্ধান্তও এই ডায়েৰীসমুহত উল্লেখ থাকিব লাগিব ৷

 

Previous Post

আৰৱ সাগৰ সাঁতুৰি এলভিছ আলি হাজৰিকাৰ নতুন অভিলেখ

Next Post

অসম-মেঘালয় সীমান্ত পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অসম-মেঘালয় সীমান্ত পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

অসম-মেঘালয় সীমান্ত পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7