মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ছিপাঝাৰৰ গৰুখুটিত ৪,৫০০ বিঘা ভূমিত চলা উচ্ছেদ অভিযানত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে ।উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিবলৈ ওলাই অহা প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে।
দুয়োপক্ষৰ মাজত হোৱা তুমুল সংঘৰ্ষত দুজনকৈ প্ৰতিবাদকাৰী মৃত্যু হোৱাৰ খবৰ আহি পৰিছে।মৃত্যু হোৱা লোক দুজন হৈছে ছাদ্দাম হুছেইন আৰু শ্বেইখ ফৰিদ। ইয়াৰোপৰি এই সংঘৰ্ষত দুজন আৰক্ষীৰ লোকো আহত হোৱাৰ খবৰ পোৱা গৈছে।
প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলীচালনা আৰক্ষীৰ। তথাপি নিয়ন্ত্ৰণ কৰিব পৰা নাই প্ৰতিবাদকাৰীক।বৰ্তমানেও উত্তেজনা অব্যাহত আছে সমগ্ৰ গৰুখুটি অঞ্চলত।
ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আৰক্ষীয়ে তেওঁলোকক দিয়া নিৰ্দেশ পালন কৰিছে।আৰক্ষীৰ ওপৰতো স্থানীয় লোকে যাঠি-জুং লৈ খেদি অহা পৰিলক্ষিত হৈছে।
শেহতীয়া খবৰ অনুসৰি উক্ত ঘটনাত সাংবাদিকো আহত হোৱা বুলি জানিব পৰা গৈছে।ইফালে মণি আহমেদ নামৰ এজন আৰক্ষী বিষয়া গুৰুতৰ ভাৱে আহত হৈছে। আহত বিষয়াজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।