অসমত প্ৰথমবাৰৰ বাবে ড্ৰোনৰ দ্বাৰা ভূমি জৰীপ প্ৰক্ৰিয়াৰ আৰম্ভ হয়। ডিব্ৰুগড় জিলাৰ মৰাণৰ ২৩৮ খন গাঁৱত এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ ঘটে। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, খনিজ মন্ত্ৰী যোগেন মহনে মৰাণ পল’ ক্লাৱত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি এই জৰীপ ব্যৱস্থাৰ উৎঘাটন কৰে।
ড্ৰোন কেমেৰাৰ দ্বাৰা সংঘটিত হোৱা জৰীপত প্ৰকৃত ভূমিৰ মালিক লাভান্বিত হ’ব বুলি ভাষণত উল্লেখ কৰে। এই জৰীপ ব্যৱস্থাই ভূমি সমস্যাসমূহ সমাধানৰ পথ খৰতকীয়া কৰিব বুলি জানিবলৈ দিয়ে।
মিছন বসুন্ধৰাৰ অধীনত অচিৰেই ড্ৰোনৰ দ্বাৰা প্ৰথম পৰ্যায়ত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জৰীপ আৰম্ভ হ’ব।
ড্ৰোনৰ দ্বাৰা আৰম্ভ হোৱা জৰীপে সাধাৰণ জনসাধাৰণক ভূমি সংক্ৰান্তীয় সমস্যাৰ পৰা ৰক্ষা কৰিব বুলি আমি আশাবাদী।