নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ সোণাপুৰত সৃষ্টি হৈছে ভয়াৱহ ভূমিস্খলন ৷ অঞ্চলটোত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ৷ পাহাৰৰ পৰা খহি অহা শিল-মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ এটা অংশ বন্ধ কৰি পেলাইছে ৷ ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ পৰিছে বহু বাহন ৷ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰিছে শাৰী শাৰী বাহন ৷
প্ৰাপ্ত তথ্য অনুসৰি এখন ট্ৰাক আৰু চাৰিচকীয়া বাহন কথমপি ভূমিসখলনত দুর্ঘটনাগ্ৰস্ত হোৱাৰ পৰা হাত সাৰে ৷ দুয়োখন বাহনৰ চালকৰ কথমপি প্ৰাণ ৰক্ষা হয় ৷ ইফালে, পথছোৱা বন্ধ হৈ পৰাৰ ফলত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত যোগাযোগ প্ৰায় বিচিন্ন হৈ পৰিছে ৷