লংকাৰ কৃষ্ণ বৰা বি. এড. কলেজৰ শিক্ষক প্ৰশিক্ষাৰ্থী আৰু কমলা নেহৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি অনুষ্ঠিত হয় এক নাৰী বিষয়ক সজাগতা সভা। । সভাৰ মূল আলোচনাৰ বিষয় আছিল “বৰ্তমান সমাজত নাৰীৰ ভূমিকা”।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কৃষ্ণ বৰা বি. এড. কলেজৰ দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষাৰ্থীৰ নিতুমণি বৰাই।
অনুষ্ঠান আৰম্ভ হয় বিদ্যালয়ৰ ছাত্ৰী গায়ত্ৰী বৰাই পৰিবেশন কৰা এটি বৰগীতেৰে।
বিদ্যালয় খনৰ অধ্যক্ষা দিপা শইকীয়াৰ সঞ্চালনাত অনুস্থিত সভাত মূল বক্তা ননৈ মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা কবিতা কুশ্ৰেই তেওঁৰ ভাষণত প্ৰাক শংকৰি যুগ আৰু শংকৰী যুগত মহিলাৰ স্থিতি আৰু ভূমিকাৰ কথা উল্লেখ কৰে।
সভাত বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীৰ নাটক ‘বৈকল্পিক‘পৰিবেশন কৰা হয়।
সভাত মূখ্য অতিথিৰূপে থকা ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰুপেশ্বৰ শইকীয়াই তেওঁৰ ভাষণত “আজিৰ নাৰী আৰু অতীতৰ নাৰীৰ মাজত যথেষ্ট প্ৰভেদ আছে” বুলি মন্তব্য কৰি কয় যে গাঁৱৰ যিসকল মহিলাই নিস্বাৰ্থ ভাৱে সদায় সেৱা আগবঢ়াই আহিছে তেওঁলোকৰ ভূমিকাক স্বীকৃতি দিয়া উচিত।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি বি. এড. কলেজৰ সহকাৰী অধ্যাপিকা নীলম গগৈয়ে কোনো এজন শিশুৰ জীৱনত মাতৃৰ ভূমিকাৰ কথা বিষদভাৱে আলোচনা কৰে।
বিশিষ্ট অতিথি ননৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা পুস্পা হাজৰিকাই ভাষণত নাৰী সবলীকৰনৰ বিষয়ে উল্লেখ কৰে।
সভাত উপস্থিত থাকি এই বিষয়ত নগোঁসাইথান মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী দেৱমাই দেবীয়ে বক্তব্য প্ৰদান কৰে।
আমন্ত্ৰিত অতিথি তথা কমলা নেহেৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্যা লীলাৱতী শইকীয়াই নাৰী সজাগতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।
সভাত শলাগৰ শৰাই আগবঢ়াই দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষাৰ্থী শিখা মণি হাজৰিকাই।
কৃষ্ণ বৰা বি. এড. কলেজৰ দ্বিতীয় বৰ্ষৰ প্ৰশিক্ষাৰ্থী ক্ৰমে শিখা মণি হাজৰিকা, তানজিয়া আহমেদ, নিতুমণি বৰা আৰু প্ৰথম বৰ্ষৰ প্ৰশিক্ষাৰ্থী ক্ৰমে অনিল শইকীয়া, প্ৰাঞ্জল বৰা, অমানিশা বৰা, মনমী ফুকন, লনি শইকীয়া, সমৰজিত আমচি আৰু কমলা নেহৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষকে অনুস্থানত অংশ গ্ৰহণ কৰে।