এই আংশিক চন্দ্ৰগ্ৰহণে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণতকৈ দীঘল হোৱা দীৰ্ঘতম গ্ৰহণৰ অভিলেখ ভংগ কৰিব
২০২১ চনৰ অন্তিমটো চন্দ্ৰগ্ৰহণ আংশিক ভাৱে দৃশ্যমান হ’ব ১৯ নৱেম্বৰত ৰাস পূৰ্ণিমাৰ নিশা ৷ এই মহাকাশীয় পৰিঘটনা বিৰল কিয়নো ১৪৪০ চনৰ পৰা হোৱা মহকাশীয় পৰিঘটনা সমূহৰ ভিতৰত ইয়েই হ’ব সকলোতকৈ দীৰ্ঘ সময়ৰ পৰিঘটনা যি ছয় ঘণ্টাতকৈও অধিক সময়লৈকে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে দৃশ্যমান হ’ব। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ কিছু অংশত গ্ৰহণ সম্পূৰ্ণ দেখা যাব যদিও ভাৰতে অন্তিম মুহূৰ্তবোৰৰ এক আভাসহে পাবলৈ সক্ষম হ’ব। গ্ৰহণটো ১১.৩২ বজাত আৰম্ভ হ’ব যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সৰল ৰৈখিক ভাৱে অবস্থান কৰিব , যাৰ ফলত আংশিক চন্দ্ৰগ্ৰহণ হ’ব।
চন্দ্ৰ, পৃথিৱীৰ ছাঁৰ দক্ষিণ অংশৰ মাজেৰে প্ৰায় সম্পূৰ্ণ চন্দ্ৰগ্ৰহণৰ বাবে পাৰ হ’ব। নাছাৰ মতে, ভাৰতীয় সময় অনুসৰি পুৱা ১১:৩২:০৯ বজাত চন্দ্ৰৰ ওপৰৰ বাওঁ অংশত পৃথিৱীৰ আংশিক ছাঁ পৰিবলৈ আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২.৪৮ বজাত চন্দ্ৰৰ ওপৰৰ অংশত পৃথিৱীৰ সম্পূৰ্ণ ছাঁ পৰা আৰম্ভ নোহোৱালৈকে চন্দ্ৰৰ সামান্য গ্ৰাস লক্ষণীয় নহ’ব।
পৃথিৱীৰ বৃত্তাকাৰ ছাঁৰ আৰ্ক চন্দ্ৰত দুপৰীয়া ২.৩২ বজাত গ্ৰহণৰ শীৰ্ষলৈকে বিয়পি পৰিব, যেতিয়া চন্দ্ৰ ৯৭ শতাংশতকৈও অধিক সম্পূৰ্ণ ছাঁত থাকিব আৰু চন্দ্ৰৰ বাওঁ ফালৰ কেৱল এটা সৰু টুকুৰাহে পৃথিৱীৰ আংশিক ছাঁত জিলিকি উঠিব।
উত্তৰ-পূব ভাৰতৰ লোকসকলে আংশিক চন্দ্ৰগ্ৰহণৰ অন্তিম পৰ্যায়বোৰ চাবলৈ সক্ষম হ’ব। অৰুণাচল প্ৰদেশ, অসম আৰু চুবুৰীয়া অঞ্চলৰ কিছু অংশত গ্ৰহণ দৃশ্যমান হ’ব।ইফালে, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু উৰিষ্যাৰ কিছু অংশত কিছু সময়ৰ বাবে এই পেনুম্ব্ৰাল গ্ৰহণ দৃশ্যমান হ’ব।
১৯ নৱেম্বৰৰ আংশিক চন্দ্ৰগ্ৰহণে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণতকৈ দীঘল হোৱা দীৰ্ঘতম গ্ৰহণৰ অভিলেখ ভংগ কৰিব। এই মহাকাশীয় ঘটনাটো অস্বাভাৱিকভাৱে দীঘল হোৱাৰ কাৰণ হৈছে যে ই চন্দ্ৰ পৃথিৱীৰ পৰা আটাইতকৈ দূৰত্বত থকা এপোজি পোৱাৰ ৪১ ঘণ্টাৰ পিছত আহে। চন্দ্ৰ যিমানে দূৰত থাকে, সিমানেই ভ্ৰমণ কৰিবলৈ অধিক সময় লয়, যাৰ ফলত পৃথিৱীৰ ছাঁৰ পৰা আঁতৰি যাবলৈ অধিক সময় লাগে।
এই আংশিক চন্দ্ৰগ্ৰহণে ইয়াৰ অভিলেখ আৰু চাৰি হাজাৰ বছৰধৰি বজাই ৰাখিব কিয়নো ছয় ঘণ্টা দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ ২৪৮৯ চনৰ ৯ অক্টোবৰত হে আকৌ দৃশ্যমান হ’ব।