জম্মু-কাশ্মীৰত আজি গ্ৰেপ্তাৰ হোৱা এজন দুধর্ষ লস্কৰ-ই-তৈবাৰ সদস্য বিজেপিৰো সক্ৰিয় সদস্য আছিল বুলি প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ধৃত সদস্যজন জম্মুৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ছ’চিয়েল মিডিয়াৰ প্ৰভাৰী আছিল বুলি জানিব পৰা গৈছে ৷ । তালিব হুছেইন শ্বাহ আৰু তেওঁৰ সহযোগীক আজি পুৱা জম্মুৰ ৰেছি অঞ্চলত গাঁওবাসীয়ে বন্দী কৰে। তেওঁলোকৰ পৰা দুটা এ কে ৰাইফল, কেইবাটাও গ্ৰেনেড আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হৈছে। অৱশেষত তালিবসহ আন উগ্ৰপন্থীকেইজনক আৰক্ষীৰ হাতত গতাই দিয়া হয়। কোনো ধৰণৰ পটভূমি পৰীক্ষা নকৰাকৈয়ে জনসাধাৰণক দলত যোগদান কৰিব পৰাকৈ প্ৰৱর্তন কৰা অনলাইন সদস্যপদৰ ব্যৱস্থাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে বিজেপিয়ে।
দলটোৰ মুখপাত্ৰ আৰ এছ পাঠানিয়াই কয় যে এই গ্ৰেপ্তাৰৰ সৈতে এটা নতুন বিষয় আহি পৰিছে। তেওঁ কয় “মোৰ মতে এইটো এটা নতুন মডেল ৷ বিজেপিত যোগদান কৰি শীৰ্ষ নেতৃত্বক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ যিটো আৰক্ষীয়ে পোহৰলৈ আনিছে ৷ এতিয়া যিকোনো ব্যক্তিয়েই অনলাইনত বিজেপিৰ সদস্য হ’ব পাৰে। যিসকল লোক অপৰাধজনিত ঘটনাত জড়িত তেওঁলোকৰ পৰীক্ষা কৰা কোনো ব্যৱস্থা নাই অনলাইন সদস্য পদ প্ৰদানৰ সময়ত ৷ “
যোৱা ৯ মে’ত জম্মু প্ৰদেশত দলৰ আই টি আৰু ছ’চিয়েল মিডিয়াৰ দায়িত্বত শ্বাহক নিযুক্তি দিয়ে বিজেপিয়ে। জম্মু কাশ্মীৰৰ সভাপতি ৰবীন্দ্ৰ ৰাইনাকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে শ্বাহৰ কেইবাখনো ছবি ভাইৰেল হৈ পৰিছে ৷ জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ আৰু আৰক্ষী অধীক্ষকে ৰিয়াছিৰ গাওঁবাসীৰ বাবে নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰাৰ লগতে তেওঁলোকৰ বীৰত্বক প্ৰশংসা কৰিছে।