ক’ভিডত আক্ৰান্ত হৈছে কিংবদন্তী গায়িকা লতা মংগেশকাৰ ৷ ক’ভিড পৰীক্ষাত পজিটিভ অহাৰ পাছতে কোকিলকণ্ঠী গায়িকা গৰাকীক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হয় ৷ লতা মংগেশকাৰৰ ভতিজা ৰচনাই সংবাদমাধ্যমৰ সন্মুখত সদৰী কৰা অনুসৰি গায়িকা গৰাকীৰ শৰীৰত ক’ভিডৰ মৃদু লক্ষণে দেখা দিছে ৷ ৰচনাই লগতে কয়, “তেওঁ বর্তমান সুস্থ হৈ আছে ৷ বয়সৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক কাৰণত তেওঁক আইচিইউত ৰখা হৈছে।“
উল্লেখ্য যে মংগেশকাৰক ইয়াৰ পূর্বে ২০১৯ চনৰ নৱেম্বৰত উশাহ-নিশাহৰ সমস্যাত ভোগাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত গায়িকাগৰাকীৰ ভাইৰেল জ্বৰত আক্ৰান্ত হৈছিল ।লতা মংগেশকাৰে যোৱা ছেপ্টেম্বৰত ৯২ তম জন্মদিন উদযাপন কৰিছিল। পদ্মভূষণ, পদ্ম বিভূষণ, দাদা চাহেব ফালকে বঁটা আৰু একাধিক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত মংগেশকাৰ ক’ভিডত আক্ৰান্ত হোৱাৰ বাতৰি বিয়পি পৰাৰ পাছতে তেওঁৰ সুস্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰার্থনা জনাইছে শুভাকাংক্ষী সকলে ৷