কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্য পুনৰ সংকটজনক হৈ পৰিছে ৷ সম্প্ৰতি মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছে লতা মংগেশকাৰ ৷ স্বাস্থ্যৰ অৱনতি ঘটা গায়িকা গৰাকীৰ অৱস্থা সংকটজনক বুলি সদৰী কৰিছে হাসপ্তালখনৰ চিকিৎসক ডাঃ প্ৰতিত ছামদানীয়ে ৷ সংবাদ সংস্থা এ এন আইক চিকিৎসকগৰাকীয়ে কয় –‘কণ্ঠশিল্পী লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱস্থা পুনৰ অৱনতি হৈছে ৷ তেওঁৰ স্বাস্থ্য বর্তমান সংকটজনক। সম্প্ৰতি তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে । চিকিৎসকসকলে প্ৰতিমুহুর্ততে নিৰীক্ষণ কৰি আছে তেওঁৰ স্বাস্থ্য ৷’
যোৱা মাহৰ আৰম্ভণিতে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল ৷ ৯২ বছৰীয়া গায়িকাকগৰাকী ইতিমধ্যে ক’ভিড মুক্ত হৈছে ৷ ক’ভিডৰ লগতে নিউমোনিয়াতো তেওঁ আক্ৰান্ত হৈছিল ৷ নিউমোনিয়াৰ পৰা তেওঁ আৰোগ্য হৈছে ৷ উল্লেখ্য যে লতা মংগেশকাৰে হিন্দী, মাৰাঠী, বাংলা আৰু অন্যান্য কেইবাটাও আঞ্চলিক ভাষাত গান গাইছে। তেওঁক ভাৰত ৰত্ন, পদ্মবিভূষণ, পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে বঁটা প্ৰদানৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয় আৰু ফিল্মফেয়াৰ বঁটাৰে সন্মানিত কৰা হৈছে।