লতা মংগেশকাৰৰ ভতিজাক আদিনাথ মংগেশকাৰে শিৱাজী পাৰ্কৰ পৰা অজি সংগ্ৰহ কৰে কোকিলকণ্ঠীৰ চিতাভস্ম ৷ আদিনাথে সোমবাৰে মুম্বাইৰ শিৱাজী উদ্যানৰ পৰা কিংবদন্তি শিল্পীগৰাকীৰ চিতাভস্ম সংগ্ৰহ কৰে ৷ য’ত সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
সহকাৰী পৌৰ আয়ুক্ত কিৰণ দিঘৱকাৰে সংবাদমাধ্যমৰ আগত কয়, “আমি লতা মংগেশকাৰৰৰ ভাতৃ আৰু সংগীত ৰচয়িতা হৃদয়নাথ মংগেশকাৰৰ পুত্ৰ আদিনাথক অস্থি কলহ হস্তান্তৰ কৰিছো।” অৱশ্যে চিতাভস্ম ক’ত বিসর্জন দিয়া হ’ব, সেয়া এতিয়াও প্ৰকাশ কৰা নাই পৰিয়ালে ৷ প্ৰায় আঠ দশক ধৰি সুৰীয়া কণ্ঠেৰে লাখ লাখ লোকক আকৰ্ষিত কৰা লতা মংগেশকাৰ (৯২)ক দেওবাৰে শিৱাজী পাৰ্কত সম্পূৰ্ণ সহস্ৰাধিক অনুৰাগীৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেওবাৰে সন্ধিয়া শিৱাজী পাৰ্কত সংগীতৰ আইকন গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷