বলীউডৰ প্ৰযোজক যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ ৭৪ বছৰ বয়সত দেহাৱসান ঘটে। নেপথ্য গায়িকা আছিল পামেলা চোপ্ৰা । যশ চোপ্ৰাৰ প্ৰযোজনা বহু ছবিত গীত গাই পামেলাই দৰ্শকক চুই গৈছিল। পুত্ৰ আদিত্য চোপ্ৰা আৰু বোৱাৰী ৰাণী মুখোপাধ্যায়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।
যোৱা ১৫ দিন ধৰি তেওঁ মুম্বাইৰ লীলাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছিল। পামেলাৰ অৱস্থা ক্ৰমান্বয়ে বেয়া হৈ আহিছিল। তেওঁক ভেন্টিলেচনত ৰখা হৈছিল। কিন্তু তেওঁক বচাবলৈ সক্ষম নহ’ল চিকিৎসক ৷ ২০ এপ্ৰিলৰ পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
‘যশ ৰাজ ফিল্মছ’ প্ৰডাকচন কোম্পানীৰ বহু ছবিৰ আঁৰত আছিল পামেলা। চিত্ৰনাট্য লিখাৰ পৰা আৰম্ভ কৰি সাজ-পোছাকৰ ডিজাইন আনকি সহ-প্ৰডাকচনলৈকে বিভিন্ন কামত পামেলা চোপ্ৰাই সক্ৰিয় ভুমিকা গ্ৰহণ কৰিছিল । পামেলাক এইবাৰ নেটফ্লিক্সৰ তথ্যচিত্ৰ ‘দ্য ৰোমান্টিক্স’ত দেখা গৈছিল। য’ত তেওঁ যশৰ কৃতিত্ব, সংগ্ৰাম আৰু বহুতো বিষয়ৰ ওপৰত মন্তব্য কৰিছিল ৷ পামেলা চোপ্ৰাই নিজৰ পুত্ৰৰ সৈতে ১৯৯৭ চনত নিৰ্মিত ছবি দিল তো পাগল হেৰ চিত্ৰনাট্যও লিখিছিল।