ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট বিক্ৰম-এছ আজি চেন্নাইৰ পৰা প্ৰায় ১১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত শ্ৰীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপন কৰা হয় ৷ ইয়াৰ লগে লগে দশক দশক ধৰি চৰকাৰী সংস্থা ইছৰোৱে আধিপত্য চলাই অহা দেশৰ মহাকাশ খণ্ডত এক নতুন ইতিহাসৰ সৃষ্টি হ’ল ৷ এক টুইটযোগে ইছৰ’ৱে কয় “মিছন প্ৰাৰম্ভ সফলতাৰে সম্পন্ন হ’ল। অভিনন্দন”
‘প্ৰাৰম্ভ’ মিছন আৰু বিক্ৰম-এছ ৰকেটটো হায়দৰাবাদত অৱস্থিত ষ্টাৰ্ট-আপ স্কাইৰুট এৰোস্পেছে ইছৰো আৰু ইন-স্পেচ (ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰচাৰ আৰু অনুমোদন কেন্দ্ৰ)ৰ সহায়ত প্ৰস্তুত কৰিছে। এই ৰকেটটোত অন্ধ্ৰ প্ৰদেশৰ এন স্পেচ টেক ইণ্ডিয়া, চেন্নাইৰ ষ্টাৰ্টআপ স্পেচ কিডছ আৰু আৰ্মেনিয়ান বেজুমকিউ স্পেচ ৰিচাৰ্চ লেবে নিৰ্মাণ কৰা তিনিটা পেলোড আছিল।
ৰকেটটো নিৰ্মাণ কৰা ষ্টাৰ্টআপ স্কাইৰুট এৰ’স্পেছে টুইটযোগে কয় “বিক্ৰম-এছে আকাশৰ শোভা বঢ়াই ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট হিচাপে ইতিহাস ৰচনা কৰিছে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ বাবে আমাৰ সৈতে থকাৰ বাবে আমি আপোনালোক সকলোকে ধন্যবাদ জনাইছো।”