এগৰাকী পাকিস্তনৰ সুন্দৰীৰ জালত ভৰি দি দেশৰ সুৰক্ষাৰ সৈতে জঢ়িত গোপনীয় তথ্য ফাদিল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’ৰ এজন জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে ৷ পাক যুৱতী গৰাকীৰ নগ্ন ভিডিঅ’ৰ বাবেই তেওঁ এই তথ্য প্ৰদান কৰা বুলিও পোহৰলৈ আহিছে ৷এনে অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’ৰ জ্যেষ্ঠ বিষয়া জনক। শুকুৰবাৰে ওড়িশাৰ বালেশ্বৰ চণ্ডীপুৰ থানাৰ আৰক্ষীয়ে তেওঁক নিজৰ জিম্মাত লৈ যায়। বিষয়াগৰাকীয়ে দেশখনৰ ক্ষেপণাস্ত্ৰৰ তথ্য পাকিস্তানী এজেণ্টক ফাদিল কৰাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত ব্যক্তিজনৰ নাম বাবুৰাম দে। ৫৭ বছৰীয়া বিষয়াজনৰ বিৰুদ্ধে চণ্ডীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। কোৱা হৈছে যে এজন ব্যক্তিয়ে আই টি আৰ বা ‘ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জ’ৰ দায়িত্বত থকা বিষয়াজনক অনলাইনযোগে লগ পাইছিল। কথা-বতৰাৰ পিছত তেওঁক এটা নগ্ন ভিডিঅ’ প্ৰেৰণ কৰা হৈছিল ইয়াৰ পিছত তেওঁ যুৱতীগৰাকীক কিছু স্পৰ্শকাতৰ তথ্য প্ৰদান কৰে ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লগতে কয় যে বাবুৰামে যিজন ব্যক্তিক এই তথ্য ফাদিল কৰিছিল তেওঁ এজন পাকিস্তানী এজেণ্ট। ইতিমধ্যে আৰক্ষীয়ে বাবুৰামৰ মোবাইল ফোনটো জব্দ কৰিছে। ইয়াৰ উপৰিও যুৱতীগৰাকী পাকিস্তানৰ ৰাৱালপিণ্ডিত বাস কৰা বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছে । আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০এ আৰু ১২০বি (ফৌজদাৰী ষড়যন্ত্ৰ) ধাৰা আৰু চৰকাৰী গোপনীয়তা আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।
২০২১ চনতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। সেই বছৰৰ ছেপ্টেম্বৰ মাহত আৰক্ষীয়ে ডি আৰ ডি অ’ৰ ৫ জন বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৫ চনত আই এছ আই এজেণ্টক তথ্য ফাদিল কৰাৰ অপৰাধত আন এজন বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। বালেশ্বৰৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত কয় – ‘আমি ডি আৰ ডি অ’ৰ বিষয়াসকলৰ ওপৰত চকু ৰাখিছো। ইতিমধ্যে অভিযুক্তক জেৰা কৰি কিছু তথ্য লাভ কৰা হৈছে। আমি গম পাইছো যে তেওঁ দেশৰ কিছু স্পৰ্শকাতৰ তথ্য ছবিৰ আকাৰত বিদেশী এজেণ্টৰ হাতত তুলি দিছে। অধিক তথ্য পাবলৈ আমি তদন্ত কৰি আছো।”