VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁও ছোৱালী মহাবিদ্যালয়ত উপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন

voicedesk by voicedesk
August 31, 2023
in মুখ্য সংবাদ
নগাঁও ছোৱালী মহাবিদ্যালয়ত উপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন
0
SHARES
89
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৩১আগষ্ট:– “জাতি-মাটি-ভেটিৰ অধিকাৰৰ বিষয়ে কথা-সাহিত্যৰ মাজেৰে অসমৰ সহজ-সৰল মানুহক সকীয়াই দিয়া এজন আচল মানুহ আছিল হিতেশ ডেকা। নিজ দেশ,নিজ মানুহ, ওপজা মাটি,জাতি-ভাষা-সংস্কৃতিৰ উপাসক হিতেশ ডেকাৰ উপন্যাস ৰাজিৰ মাজত স্বৰাজোত্তৰ কালৰ অসমৰ সামাজিক,ৰাজনৈতিক, অৰ্থনৈতিক আৰু ব্যক্তি মানসৰ বাস্তৱ প্ৰতিফলন ঘটিছে । বিশেষকৈ পঞ্চাশৰ দশকৰ পৰা সত্তৰৰ দশকৰ সময়ছোৱাত সংঘটিত চীন-ভাৰত যুদ্ধ,পাক- ভাৰত যুদ্ধ,অসমৰ ভাষা আন্দোলন আদি ৰাজনৈতিক, ভাষিক ঘটনাৰ সাক্ষ্য বহন কৰাৰ লগতে অসমৰ আৰ্থিক অসমতাই জুৰুলা কৰা শ্ৰেণীৰ মনোবেদনা, এচাম মানুহৰ নৈতিক অৱক্ষয় আৰু প্ৰেমক পণ্যলৈ ৰূপান্তৰিত কৰাৰ অদমনীয় হেঁপাহ ঔপন্যাসিক ডেকাই “আজিৰ মানুহ”,”আচল মানুহ”,”বৈৰী মানুহ”, “ইতিহাসে সকীয়ায়”,”মাটি কাৰ” আদি উপন্যাসৰ মাজেৰে লুক- ঢাক নকৰাকৈ,সাহসেৰে উপস্থাপন কৰিছে।”–এই বক্তব্য লেখিকা ড° জ্যোতিৰেখা হাজৰিকাৰ। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া সাহিত্যৰ জনপ্ৰিয় ঔপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বুধবাৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু গুৱাহাটীস্থিত প্ৰকাশন গোষ্ঠী চন্দ্ৰ প্ৰকাশৰ সহযোগত অনুষ্ঠিত বক্তৃতানুষ্ঠানত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা,বিশিষ্ট লেখিকা ড° জ্যোতিৰেখা হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এনেদৰে বক্তব্য আগবঢ়ায় ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসে উদ্বোধন কৰা তথা মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° বিশ্বজিৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে ড° হিতেশ ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে ৰামধেনু যুগৰ খ্যাতনামা কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ আসনৰ প্ৰাক্তন অধ্যাপক ড° উমেশ ডেকাই ৷ শিল্পী বৰ্ণালী গোস্বামীয়ে পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক,বিশিষ্ট গৱেষক ড° কুসুম্বৰ বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি হিতেশ ডেকাৰ উপন্যাসৰ গ্ৰাম্য বাস্তৱতা, বহুমাত্ৰিক চেতনাই বৌদ্ধিক মহলক আকৰ্ষিত কৰি থকাৰ লগতে হেৰাই যোৱা গ্ৰাম্য জীৱনৰ সৰলতা আৰু পৰম্পৰাৰ নিৰ্ভেজাল স্বৰূপ তেওঁৰ উপন্যাসৰ সাৰ বস্তু বুলি বক্তব্যত প্ৰকাশ কৰে ৷ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা অনুষ্ঠানৰ আহ্বায়িকা ড° অমিয়া পাতৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সঁচা কথা বীৰৰ দৰে কৈ যাব পৰাটো হিতেশ ডেকাই দি গ’ল বুলি উল্লেখ কৰাৰ লগতে বন্ধ কোঠালিত থাকি সাহিত্য সৃষ্টি কৰা সাহিত্যিক হিতেশ ডেকা নাছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ উল্লেখ্য যে এই অনুষ্ঠানতে অধ্যাপিকা ড° জ্যোতিৰেখা হাজৰিকাৰ “অসমীয়া কবিতা ভিন্ন প্ৰসংগ ভিন্ন দিশ” শীৰ্ষক গ্ৰন্থখন কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই উন্মোচন কৰে ৷ গাম্ভীৰ্যপূৰ্ণ বক্তৃতানটিত ৰঙাপাৰা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ড° ৰমেন ডেকাৰ উপৰি বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ড° জয়ন্ত দাস,ড° চিত্ৰৰঞ্জন নাথ,ড° অৰুণ বৰা,ড° ভদ্ৰ বৰা,ড° বিজয় শৰ্মা,ড° নিৰ্মালি বৰা,ড° বিপিন কলিতা,ড° অজিত শৰ্মাৰ উপৰি নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা, অধ্যাপক ড° বিপুল মালাকাৰ, বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া প্ৰমুখ্যে শতাধিক লোক উপস্থিত থাকে । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ড° উমেশ ডেকাই পিতৃ হিতেশ ডেকাৰ প্ৰতি যি আগ্ৰহ,হেঁপাহ, আন্তৰিকতাৰে এই মহান কৰ্মযজ্ঞৰ প্ৰতি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উপৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ সমন্বিতে শিক্ষাগুৰুসকলৰ লগতে “চন্দ্ৰ প্ৰকাশ” আগবাঢ়ি অহাৰ বাবে পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱাৰ পিছতে অসমীয়া বিভাগৰ অধ্যাপিকা মৰমী গায়নৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটে ৷

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন

নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7