শেহতীয়াকৈ পত্নীৰ সৈতে তাজমহল ভ্ৰমণ কৰিলে বিশ্বৰ জনপ্ৰিয় তথা কিংবদন্তী ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰে ৷কিন্তু তাজমহল পৰিদৰ্শন কৰাৰ সময়তে তেওঁ তেওঁৰ গাইডজনক এনে ২টা প্ৰশ্ন কৰিলে যাৰ বাবে স্তম্ভিত হৈ পৰে গাইডজন৷
বৃহস্পতিবাৰে আগ্ৰাৰ তাজমহল চাবলৈ আগ্ৰাত উপস্থিত হয় মহান ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ। শচীনৰ লগত আছিল তেওঁৰ পত্নী অঞ্জলি আৰু পৰিয়ালৰ আন দুজন সদস্য।উল্লেখনীয় যে তাত তেওঁ তেওঁৰ পত্নী অঞ্জলিৰ সৈতে বিখ্যাত ‘ডায়েনা চিট’ত ফটো তুলিছিল।
জনপ্ৰিয় ক্ৰিকেট তাৰকাগৰাকীৰ তাজমহল ভ্ৰমণৰ সময়ত মোতায়েন কৰা হৈছিল এক বৃহৎ সংখ্যক আৰক্ষী বাহিনী আৰু ব্যক্তিগত বাউন্সাৰ ।
এখন বিশেষ বিমানেৰে আগ্ৰা বিমানবন্দৰত অৱতৰণ কৰিছিল শচীনে। তেওঁৰ লগত যোৱা প্ৰতিনিধি দলটোত আছিল তওঁৰ পৰিয়ালৰ সদস্য সকলৰ উপৰিও ব্ৰিটেইন, আমেৰিকা, ইটালী, জৰ্ডান, নেদাৰলেণ্ড, গ্ৰীচ, পৰ্তুগাল, হাংগেৰী, ইজিপ্ত, ফ্ৰান্স, ব্ৰাজিল আৰু ভাৰতৰ বহু লোক ।
কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে তেওঁ তাজমহলত উপনীত হয় যদিও তেওঁক সাক্ষাৎ কৰাৰ বাবে বা এপলক চোৱাৰ বাবে পৰ্যটকৰ মাজত যেন প্ৰতিযোগিতাহে চলিছিল। প্ৰায় সকলোৱেই তেওঁৰ সৈতে চেলফি তুলিব বিচাৰিছিল যদিও কটকটীয়া নিৰাপত্তাৰ বাবে সকলোৰে এই ইচ্ছা পূৰণ হোৱা নাছিল। শচীন অহাৰ আগতেই তাজমহলত বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। ডিচিপি চিটি, ডিপি বেষ্ট আৰু এচিপি তাজ ছিকিউৰিটিকে ধৰি চিআইএছএফৰ নিৰাপত্তাৰক্ষী উপস্থিত আছিল তাজমহলৰ চৌহদত ।
শচীন তেণ্ডুলকাৰে তেওঁৰ লগত থকা বিখ্যাত গাইড মেৰাজুদ্দিনৰ পৰা লাভ কৰিছিল তাজমহলৰ সবিশেষ তথ্য ।তেওঁ মিৰাজুল নামৰ সেই গাইড গৰাকীক প্ৰস্ন কৰিছিল যে কিয় কাটি পেলোৱা হৈছিল তাজমহল নিৰ্মাণ কৰা শিল্পী সকলৰ হাত ?
এই সন্দৰ্ভত তেওঁ গাইড জনৰ পৰাই সবিশেষ তথ্য লাভ কৰি নিজৰ সন্দেহ দূৰ কৰিছিল।
লগতে গাইড মিৰাজুলক সুধিছিল যে কেনেকৈ মৃত্যু হৈছিল শ্বাহজাহানৰ পত্নী মমতাজৰ ? যি প্ৰশ্নই কিছুসময়ৰ বাবে হ’লেও স্তম্ভিত কৰিছিল গাইডগৰাকীকো ৷
তেওঁ তাজমহলক এক অতি সুন্দৰ অট্টালিকা বুলিও অভিহিত কৰে।
তাজমহলৰ সহকাৰী সংৰক্ষক প্ৰিন্স বাজপেয়ীৰ মতে শচীন আৰু তেওঁৰ লগত থকা প্ৰতিনিধি দলৰ বাবেই কটকটীয়া কৰা হৈছিল তাজমহলৰ নিৰাপত্তা ব্যৱস্থা । তেওঁ লগতে কয় যে পৰিয়ালৰ সৈতে শচীনে প্ৰায় এঘণ্টা সময়জুৰি ভ্ৰমণ কৰিছিল তাজমহল কমপ্লেক্স ।