VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজ অভিষেকত ৫০০-১০০০ কোটি টকাঃ ৰাজতন্ত্ৰ নিপাত যাওঁক শ্লোগানত উত্তাল হ’ল লণ্ডনৰ ৰাজপথ

voicedesk by voicedesk
May 8, 2023
in মুখ্য সংবাদ
ৰাজ অভিষেকত ৫০০-১০০০ কোটি টকাঃ ৰাজতন্ত্ৰ নিপাত যাওঁক শ্লোগানত উত্তাল হ’ল লণ্ডনৰ ৰাজপথ
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

 

৭০ বছৰৰ পাছত নতুন ৰজা বাকিংহাম পেলেচৰ সিংহাসনত অধিষ্ঠিত হ’ল । শনিবাৰে লণ্ডনত তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠিত হয়। দুহাজাৰ অতিথিক নিমন্ত্ৰণ কৰা হৈছিল। কেৱল শনিবাৰে নহয়, একেৰাহে তিনিদিন ধৰি সমগ্ৰ দেশতে চাৰ্লছৰ সন্মানত ভোজ-ভাতৰ আয়োজন কৰা হ’ব। কিন্তু ইয়াৰ মাজতে ইংলেণ্ডৰ ৰাজপথ ৰাজতন্ত্ৰৰ বিৰোধী শ্লোগানত উত্তাল হৈ পৰে । বহু প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷

 

ব্ৰিটিছ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শনিবাৰে ৰজাৰ ৰাজ অভিষেক অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই ৰাজতন্ত্ৰৰ বিৰুদ্ধে কমেও ৫২ জন লোকক গ্ৰেপ্তাৰ কৰে ব্ৰিটিছ আৰক্ষীয়ে। এই আটাইকেইজনেই ৰাজতন্ত্ৰ বিৰোধী দল ৰিপাব্লিকৰ সদস্য। দাবী কৰা হৈছে যে সেই দলৰ নেতা গ্ৰেহাম স্মিথকো গ্ৰেপ্তাৰ কৰা হৈছে।

চাৰ্লছৰ ৰাজ অভিষেকৰ দিনা লণ্ডনৰ ৰাজপথত একাংশ লোকে ৰাজতন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ মূল দাবী হৈছে একবিংশ শতিকাত ৭৪ বছৰীয়া এজন ৰজাৰ ৰাজ অভিষেক অর্থহীন৷ এই অনুষ্ঠানত ব্যয় কৰা বিপুল পৰিমাণৰ ধন দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰাৰ দাবী জনাইছে  প্ৰতিবাদকাৰীসকলে। ৰাজ অভিষেক বন্ধ কৰি সেই ধনেৰে অনাহাৰে থকা লোকক খুৱাব লাগে বুলি তেওঁলোকে দাবী জনাইছে।

 

শনিবাৰে লণ্ডনত  ‘ৰাজতন্ত্ৰ নিপাত যাওক’, ‘আমাৰ কোনো ৰজা নাই’ আদি শ্লোগান শুনা যায় । বহুতে ৰাজতন্ত্ৰ বিৰোধী বিভিন্ন প্লেকাৰ্ড লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰে। কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু ৰজাৰ কাম-কাজত যাতে কোনো ধৰণৰ ব্যাঘাত নপৰে তাৰ বাবে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷

প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকে আশা কৰিছে যে তৃতীয় চাৰ্লছ ব্ৰিটিছ সিংহাসনত শেষবাৰৰ বাবে অধিষ্ঠিত হ’ব  ইয়াৰ পিছত ব্ৰিটেইনত ৰাজতন্ত্ৰৰ অস্তিত্ব আৰু নাথাকিব।

 

শনিবাৰে কেৱল লণ্ডনতে নহয়, স্কটলেণ্ড আৰু ৱেলছৰ কেইবাটাও অঞ্চলত ৰাজতন্ত্ৰ বিৰোধী প্ৰতিবাদ দেখা গৈছিল। কিন্তু প্ৰশাসনে দাবী কৰিছে যে শনিবাৰৰ ৰাজ অভিষেকক সমৰ্থন কৰা বিৰোধীসকলতকৈ ৰজাৰ সমৰ্থকৰ সংখ্যা বেছি।

 

চাৰ্লছৰ ৰাজ অভিষেকৰ ব্যয়ৰ বিষয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই বাকিংহাম পেলেছে। অৱশ্যে বিবিচিয়ে প্ৰকাশ কৰা অনুসৰি মুঠ খৰচ প্ৰায় ৫০০ৰ পৰা ১০০০ কোটি। ব্ৰিটেইনত শাসকীয় চৰকাৰে ৰাজ অভিষেকৰ বাবে ধন প্ৰদান কৰে । অৰ্থাৎ এই ৰাজহ  পৰোক্ষভাৱে সাধাৰণ নাগৰিক আৰু কৰদাতাই কৰে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে, একবিংশ শতিকাত এজন ‘পুৰণি’ ৰজাৰ ৰাজ অভিষেক আৰু কেৱল পৰম্পৰাৰ স্বাৰ্থত এই অৰ্থনৈতিক ব্যয় কিমান ন্যায্য।

Previous Post

ভৰিৰ গোৰোহা ফাটি যোৱা, ভৰি শুকান হোৱা সমস্যা আছে নেকি ? এই তিনিটা টিপছেৰে সহজে আঁতৰ কৰক এই সমস্যা !!

Next Post

মণিপুৰৰ অশান্ত পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু কেইবাটাও গোচৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মণিপুৰৰ অশান্ত পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু কেইবাটাও গোচৰ

মণিপুৰৰ অশান্ত পৰিস্থিতিক লৈ উচ্চতম ন্যায়ালয়ত ৰুজু কেইবাটাও গোচৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7